
ৰাজ্যত বিদ্ৰোহী সমস্য সমাধান হোৱা বুলি চৰকাৰে দাবী কৰি থকাৰ সময়তে আজি গুৱাহাটী মহানগৰীত চাৰি সন্দেহজনক আলফা স্বাধীনৰ সদস্যক গ্ৰেপ্তাৰ কৰা হয়৷ গুৱাহাটী মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই বিভিন্ন স্থানৰ পৰা চাৰিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গুৱাহাটীৰ বিভিন্ন এলেকাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ডিব্ৰুগড় জিলাৰ খটখটী বাগিচাৰ খেলমাটি গাঁৱৰ ঋষিৰাজ হাজৰিকা (৩১), তিনিচুকীয়া জিলাৰ পেঙেৰী গাঁৱৰ লিন্তু গগৈ (৩১), বৰপেটা জিলাৰ বুদৰুটুপ গাঁৱৰ হিমাংশু দাস (৩২), কামৰূপ জিলাৰ হাজোৰ ৰূপজ্যোতি বৰুৱাক (৫০) গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ কেইবাদিন ধৰি চলি থকা অভিযানৰ অন্তত আৰক্ষীৰ জালত পৰে৷ গুৱাহাটী আৰক্ষীয়ে ০২/২০২৫ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ আৰক্ষীয়ে সন্দেহ কৰা মতে গুৱাহাটীত বাহৰ পাতি যুৱককেইজনে নিষিদ্ধ বিদ্ৰোহী সংগঠনৰ জাল বিস্তাৰ আৰু নতুন সদস্য ভৰ্তিৰ বাবে কাম কৰিছিল৷ আজি চাৰিওজনক আদালতৰ হাজিৰ কৰোৱাত আৰক্ষীয়ে ৭ দিনৰ বাবে আৰক্ষী জিম্মাত প্ৰদান কৰিছে৷