
গুৱাহাটী: নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ নামত ধন দাবী কৰা দুই ভুৱা আলফা কেডাৰক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ।
গুৱাহাটীৰ তেতেলীয়াস্থিত ব্যৱসায়িক প্ৰতিষ্ঠান দ্য টাইলছ গেলেৰীৰ স্বত্বাধিকাৰীয়ে দাখিল কৰা এজেহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত দুজনক।
অভিযোগ অনুসৰি যোৱা ৩১ জুলাইত এখন হাতে লিখা পত্ৰৰ জৰিয়তে ব্যৱসায়ীজনৰ পৰা ধন দাবী কৰিছিল ভুৱা আলফা কেডাৰ দুজনে।
নিজকে অনুপ চেতিয়া ওৰফে স্বাধীন অসম বুলি পৰিচয় দি আলফা স্বাধীনৰ নামত দাবী কৰিছিল এই ধন।
আনহাতে ধন নিদিলে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হব লাগিব বুলি দিয়া ভাবুকিত ভীতিগ্ৰস্ত হৈ ভুৱা আলফা কেডাৰৰ লিংকমেনৰ জৰিয়তে ২০ হাজাৰ টকাও দিয়ে ব্যৱসায়ীজনে।
কিন্তু অভিযুক্তই অধিক ধন দাবী কৰাত ১৭ আগষ্টত এজাহৰ দাখিল কৰে টাইলছ গেলেৰীৰ স্বত্বাধিকাৰীয়ে।
ইয়াৰ পিছতে আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে কলিতাপাৰাৰ ৰাজু দাস আৰু অৰুন্ধতী নগৰৰ পৱন দৰ্জী নামৰ যুৱক দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে সদৰী কৰা মতে এই দুই ভুৱা আলফা কেডাৰে পূৰ্বেও আলফা স্বাধীনৰ নামত বহু কেইটা ব্যৱসায়িক প্ৰতিষ্ঠানক ধন দাবী কৰি আহিছিল।
সম্প্ৰতি জালুকবাৰী আৰক্ষীৰ জিম্মাত ৰাখি অধিক তথ্যৰ বাবে জেৰা কৰি থকা হৈছে দুয়োজন অভিযুক্তক।