আৰক্ষী হুঁছিয়াৰ ধ্বনিৰে উত্তাল ৰাইডঙীয়া পাঁচআলি, প্ৰাঞ্জল দাসৰ আক্ৰমণকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী

৫ ফেব্ৰুৱাৰীৰ নিশা ৰাইডঙীয়াৰ প্ৰাঞ্জল দাস নামৰ যুকৱজনক জিলাখনৰ কৰচুং নামৰ ঠাইত দুৰ্ঘটনাত পতিত হোৱাৰ সময়ত একাংশ দুষ্কৃতিকাৰীয়ে হত্যাৰ প্ৰয়াস কৰাৰ ঘটনাক লৈ চাঞ্চল্য অব্যাহত থকাৰ সময়তে আজি কেইবা শতাধিক লোকে প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰাঞ্জল দাসৰ আক্ৰমণকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাত খৰ্গহস্ত হৈ ৰাইজে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ নিশা এক দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে নগাঁৱৰ কৰচুং নামৰ ঠাইত প্ৰাঞ্জল দাসক প্ৰাণঘাটি আক্ৰমণ কৰা হৈছিল৷ কিন্তু কেইজনমান সমাজসচেতন লোকে নিশা প্ৰাঞ্জলক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱাত প্ৰাণ ৰক্ষা পৰে যদিও বৰ্তমানেও হাস্পতালত ভৰ্তি হৈ আছে প্ৰাঞ্জল৷ তাৰ মাজতে আজি আৰক্ষীৰ বিৰুদ্ধে প্ৰাঞ্জলক হত্যাৰ প্ৰয়াস কৰা অপৰাধীক আৰক্ষীয়ে ৰক্ষণা-বেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ নগাঁও আৰক্ষী হুঁচিয়াৰ, অসম চৰকাৰ হুঁচিয়াৰ, জাজৰি আৰক্ষী হুঁচিয়াৰ, নগাঁও প্ৰশাসন হায়ঃ হায়ঃ, প্ৰাঞ্জল দাসৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰক, প্ৰাঞ্জল দাসক ন্যায় দিয়ক, অনুসূচিত জাতিক ন্যায় লাগে, আমাৰ দাবী মানি লওক, দুৰ্বৃত্তক কৰায়ত্ব কৰিব লাগিব আদি শ্ল’গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ প্ৰতিবাদকাৰীয়ে যদি শীঘ্ৰে প্ৰাঞ্জল দাসৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা নহয় তেন্তে শীঘ্ৰে জংগী আন্দোলনৰ হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰিছে৷ একাংশ প্ৰতিবাদকাৰীয়ে কয় যে বাৰে বাৰে নগাঁৱত অনুসূচিত জাতিৰ লোকক আক্ৰণৰ বলি হৈছে যদিও আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই৷ ইপিনে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে কয় যে প্ৰায় ২০টা দিনৰ ভিতৰত এইটো দ্বিতীয় ঘটনা৷ দুয়োটা ঘটনাক লৈ পৰিয়ালে এজাহাৰ দিছে কিন্তু আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই৷ প্ৰাঞ্জলৰ আক্ৰমণকাৰীসকলৰ নাম এজাহাৰত উল্লেখ আছে৷ নাম উল্লেখ থকাৰ পিছতো দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিব পৰা নাই৷ সকলো অভিযুক্ত মুকলি আকাশৰ তলত৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ তৎপৰ হোৱাৰ পৰিৱৰ্তে প্ৰাঞ্জল দাসক হত্যাৰ পৰিকল্পনা কৰা অপৰাধীক ৰক্ষণা-বেক্ষণ দিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সঞ্জীৱ দাসে৷ নগাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জ্যেষ্ঠ নাগৰিক, মহিলা, যুৱক আৰু অনুসূচিত জাতিৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত প্ৰতিবাদ সাব্যস্ত কৰি ঘটনা সংঘটিত হৈ যোৱাৰ ৯০ ঘণ্টা উকলি যোৱাৰ পিছতো প্ৰাঞ্জল দাসক হত্যাৰ প্ৰয়াস কৰি আক্ৰমণ কৰা দুষ্কৃতিকাৰীক কিয় আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে? লগতে নগাঁৱত বসবাস কৰা অনুসূচিত জাতিৰ লোকসকল বাৰে বাৰে আক্ৰমণৰ বলি হৈ অহাৰ অভিযোগ তুলি জিলাখনত অনুসূচিত জাতিৰ লোকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰীয়ে৷ জানিব পৰা মতে, ৫ ফেব্ৰুৱাৰীৰ নিশা ৰাইডঙীয়াৰ প্ৰাঞ্জল দাস কৰচুং নামৰ ঠাইত দুৰ্ঘটনাত পতিত হৈছিল৷ প্ৰাঞ্জলে চলাই অহা গাড়ীখনৰ নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হৈ সহায় বিচাৰিছিল৷ কিন্তু সহায় কৰাৰ পৰিৱৰ্তে অনুসূচিত জাতিৰ হোৱাৰ বাবে দুৰ্ঘটনাত পতিত হৈ মৃত্যুৰ সৈতে যুঁজ দিয়া প্ৰাঞ্জলক আক্ৰমণ কৰা হৈছিল৷ ডিঙি চেপি, লথিয়াই, কোবাই আঘাতপ্ৰাপ্ত প্ৰাঞ্জলক হত্যাৰ প্ৰয়াস কৰা হৈছিল৷ লগত থকা টকা-পইছা, চেইন লৈ গৈছিল৷ সেই সময়ত প্ৰাঞ্জলক প্ৰয়োজন আছিল চিকিৎসাৰ৷ হাস্পতাললৈ নিয়াৰ পৰিৱৰ্তে বৰ্বৰভাৱে হত্যাৰ কৰি হত্যাৰ প্ৰয়াস কৰা হৈছিল৷ তাৰ পিছত প্ৰাঞ্জলক ডকাইত সজাব বিচৰা হৈছিল৷ ইয়াৰ পূৰ্বে ১৯ জানুৱাৰীত নগাঁৱৰ ৰাইডঙীয়াৰে ৰাজাবাবু দাসৰ সৈতে একেই এলেকাত অনুৰূপ ঘটনা সংঘটিত হৈছিল৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত সমৱেত লোকসকলে আৰক্ষীৰ ভূমিকাক তীব্ৰ সমালোচনা কৰি প্ৰশাসন আৰু চৰকাৰ বিৰোধী শ্ল’গান দিয়াত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়৷

  • Related Posts

    দুই অভিযুক্তক গ্ৰেপ্তাৰ, গুৱাহাটীৰ নৃশংস সঞ্জীৱ নাথ হত্যাকাণ্ড

    ১৯ জানুৱাৰীৰ নিশা প্ৰথমে পল্টনবজাৰৰ এটা এপাৰ্টমেণ্টত, তাৰ পিছত বিলপাৰলৈ নি দুই বন্ধুৱে হত্যাৰ প্ৰয়াস কৰি বৰ্বৰভাৱে প্ৰহাৰৰ বলি হৈ ৫টা দিন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থাকি ২১ জানুৱাৰীত…

    ৰিলায়েন্স কাম্পা পানীয়ৰ বটলিং প্ৰতিষ্ঠান মুকলি হিমন্ত বিশ্ব শৰ্মাৰ

    আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত ৰিলায়েন্স কনজ্যুমাৰ প্ৰডাক্টছ লিমিটেড (আৰচিপিএল)-ৰ কাম্পা পানীয়ৰ নতুন বটলিং প্ৰতিষ্ঠানৰ উদ্বোধন কৰে। উত্তৰ গুৱাহাটীত আজি মুখ্যমন্ত্ৰীয়ে শীতল পানীয়ৰ উদ্যোগটোৰ বটলিং প্ৰতিষ্ঠান মুকলি কৰে৷…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…