

বিপিএফত ৰাজনৈতিক যাত্ৰা সামৰি আজি ইউপিপিএলত আন এক যাত্ৰাৰ বাবে সাজু হৈ আনুষ্ঠানিকভাৱে ইউপিপিএলত যোগ দিয়ে খাম্ফা বৰগয়াৰীয়ে৷ লোকসভা নিৰ্বাচনত মাথোঁ ৫১ হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত হোৱাৰ পিছৰে পৰা খাম্ফা দলৰ একাংশ নেতাৰ বিৰুদ্ধে নাৰাজ হৈ আছিল৷ ক্ৰমে হাগ্ৰামা মহিলাৰী আৰু আন আন নেতাসকলৰ সৈতে ব্যৱধান বৃদ্ধি পোৱাত খাম্ফাই অৱশেষত ৰাজনৈতিক শিবিৰ সলনি কৰিবলৈ ২ ফেব্ৰুৱাৰীত বিপিএফ ত্যাগ কৰি ইউপিপিএলত যোগদানৰ ঘোষণা কৰিছিল৷ ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত পূৰ্বৰ এখন সংবাদমেলত বৰগয়াৰীয়ে বিপিএফৰ নেতৃত্বৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি দলটোত সঠিত দিশৰ অভাৱ আৰু প্ৰগতিশীল পৰিৱৰ্তনক প্ৰতিৰোধ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। সিদ্ধান্ত বাহ্যিক চাপ অবিহনে লোৱা হৈছে৷ সেই অনুসৰি আজি চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ৰুণীখাতাত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, মন্ত্ৰী উৰ্খাও গৗৰা ব্ৰহ্ম, ৰাজ্যসভাৰ সাংসদ ৰণগৗৰা নাৰ্জাৰী, গোবিন্দ বসুমতাৰীৰ উপস্থিতিত ইউপিপিএলত যোগদানৰ ঘোষণা কৰে৷ আজি চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ৰুণীখাতাৰ থাইকাঝোৰাত ইউপিপিএলৰ এক বিশাল যোগদান সভা অনুষ্ঠিত হয়৷ এই সভাতে পাঁচ শতাধিক সমৰ্থকক লৈ ইউপিপিএলত যোগ দিয়ে এসময়ৰ বিপিএফ দলৰ প্ৰভাৱশালী নেতা তথা বিটিচিৰ প্ৰাক্তন উপ-মুখ্য কাৰ্য্যবাহী খাম্ফা বৰগয়াৰী। সভাত যোগদান কৰিবলৈ অহাৰ সময়ত দলটোৰ প্ৰতীক ট্ৰেক্টৰ যোগে আদৰণি জনায়৷ পৰম্পৰাগত অৰনাই আৰু ফুলৰ থোপাৰে উষ্ম আদৰণি জনায়। প্ৰমোদ বড়োৱে বৰগয়াৰীৰ সিদ্ধান্তত আনন্দ প্ৰকাশ কৰে আৰু বিটিআৰ অঞ্চলত শান্তি আৰু প্ৰগতিৰ সামূহিক লক্ষ্যক গুৰুত্ব আৰোপ কৰি সকলো নতুন সদস্যক আদৰণি জনায়।