
কোকৰাঝাৰঃ পুনৰ বিটিচিৰ ৰাজনীতিত হাগ্ৰামা মহিলাৰীৰ উত্থান আৰম্ভ হৈছে নেকি? বিটিচিৰ মুখ্য বিৰোধী দল বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ সক্ৰিয়তা বৃদ্ধি পাইছে৷
প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলৰ সাংঠনিক ভেটি পুনৰ শক্তিশালী কৰিবলৈ প্ৰয়াস কৰি আছে যদিও বিপিএপৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ শক্তি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ইউপিপিএল আৰু বিপিএফৰ একত্ৰীকৰণক লৈ ব্যাপক জল্পনা-কল্পনা অব্যাহত আছে যদিও বিপিএফ দললৈ বিৰোধী দলৰ নেতাৰ সোঁত অব্যাহত আছে৷ আজি কোকৰাঝাৰত অনুষ্ঠিত বিপিএফৰ বিশাল যোগদান সমাৰোহত ২৭৬ পুৰুষ মহিলাই আনুষ্ঠানিক ভাৱে বিপিএফ দলত যোগদান কৰে৷ কোকৰাঝাৰস্থিত বিপিএফৰ দলৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ত অনুষ্ঠিত যোগদান সমাৰোহত ২৭৬গৰাকী নেতা-কৰ্মীক আৰনাইৰে আদৰণি জনায় বিপিএফ নেতৃত্বই৷ বিপিএফ দলত যোগদান কৰা সকলোকে আদৰণি জনাই বিপিএফৰ জ্যেষ্ঠ নেত্ৰী প্ৰমিলা ৰাণী ব্ৰক্ষই কয় যে এয়া বিপিএফ দলৰ প্ৰতি থকা ৰাইজৰ মৰম আৰু আস্থাকে সূচাইছে৷ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলক অধিক শক্তিশালী কৰাৰ বাবে আজি কোকৰাঝাৰত সদলবলে যোগদান কৰাটো বিপিএফ দলৰ বাবে শুভলক্ষণ বুলি মন্তব্য কৰে৷ বড়োভূমিৰ ৰাজনীতিত একত্ৰীকৰণক লৈ বিপিএফ দলৰ কোনো দ্বি-মত নাই বুলি উল্লেখ কৰি একত্ৰীকৰণৰ আলোচনা প্ৰক্ৰিয়া সদ্যহতে আগবঢ়া নাই বুলি তাপতৰ্যপূৰ্ণ মন্তব্য কৰিছে প্ৰমীলা ৰাণী ব্ৰহ্মই৷ বিপিএফৰ কেন্দ্ৰীয় উপ-সভানেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ উপস্থিতিত অনুষ্ঠিত সমাৰোহত জিলা বিপিএফৰ সভাপতি তথা পাৰিষদ দেৰহাছাৎ বসুমতাৰী, যুৱ বিপিএফৰ কেন্দ্ৰীয় সম্পাদক কাষ্টম বসুমতাৰী আৰু মহিলা কোষৰ নেতৃত্ববৃন্দ উপস্থিত থাকে৷