ঈশা ফাউণ্ডেশ্যনৰ বিৰুদ্ধে তদন্তত উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা। আৰক্ষীক তদন্ত স্থগিত ৰখাৰ নিৰ্দেশ।
অৱসৰপ্ৰাপ্ত অধ্যাপক এছ কামৰাজে ফাউণ্ডেশ্যনৰ বিৰুদ্ধে মাদ্ৰাজ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। আশ্ৰমত তেওঁৰ কন্যা লতা আৰু গীতাক পণবন্দী কৰি ৰখাৰ অভিযোগ উত্থাপন কৰিছিল কামৰাজে।
মাদ্ৰাজ উচ্চ ন্যায়ালয়ে বিগত ৩০ ছেপ্টেম্বৰত কৈছিল যে ইছা ফাউণ্ডেশ্যনৰ সৈতে জড়িত সকলো অপৰাধমূলক গোচৰৰ সবিশেষ আৰক্ষীয়ে দাখিল কৰিব লাগে। ১ অক্টোবৰত প্ৰায় ১৫০ জন আৰক্ষীয়ে তদন্তৰ বাবে আশ্ৰমত উপস্থিত হয়।
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাইছিল সাধগুৰুৱে, যাৰ ওপৰত আজি উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে। ১৮ অক্টোবৰত হ’ব এই গোচৰৰ পৰৱৰ্তী শুনানি।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ ভাষ্য – ২০০৯ চনত দুয়োগৰাকী ছোৱালী আশ্ৰমলৈ আহিছিল। সেই সময়ত তেওঁলোকৰ বয়স আছিল ২৪ আৰু ২৭ বছৰ। দুয়োগৰাকী নিজ ইচ্ছা অনুসৰি ফাউণ্ডেশ্যনত আছে। তেওঁ জনোৱা মতে, যোৱা নিশাৰ পৰা আশ্ৰমত উপস্থিত থকা আৰক্ষী এতিয়া গুচি গৈছে।
এই সিদ্ধান্তৰ পূৰ্বে চি জে আই চন্দ্ৰচুদেও তেওঁৰ চেম্বাৰত দুয়োগৰাকী মহিলা সন্ন্যাসীৰ সৈতে আলোচনা কৰে। তেওঁলোকৰ এগৰাকীয়ে কয় যে দুয়োগৰাকী ভগ্নী নিজ ইচ্ছামতে ঈশা যোগ ফাউণ্ডেশ্যনত আছে। যোৱা ৮ বছৰ ধৰি দেউতাকে হাৰাশাস্তি কৰি আহিছে।