উজনিৰ মুখ্যমন্ত্ৰীৰ সভাত প্ৰতিবাদ কৰাৰ পৰিকল্পনা, ধৰ্মৰাজ শৰ্মাক আটক

আজি ঢলা শদিয়া দলঙৰ সমীপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভা অনুষ্ঠিত হ’ব। দিনৰ ১ বজাত ঢলা শদিয়া দলঙৰ সমীপত অনুষ্ঠিত হ’বলগীয়া  সভাৰ পূৰ্বে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাক আটক কৰাৰ অভিযোগ উত্থাপন হৈছে। কৃষক মুক্তিৰ নেতা ধৰ্মৰাজ শৰ্মাক পুৱা ৭ বজাতেই লেখাপানী থানাৰ আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাত তিনিচুকীয়া মহিলা সমাজে মাইক্ৰ ফাইনেঞ্চৰ ঋণ মাফ, স্মাৰ্ট মিটাৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবীত আন্দোলন কৰাৰ সিদ্ধান্ত লৈছিল। এই আন্দোলন নিঃশেষ কৰিবলৈ আটক কৰা বুলি জানিব পৰা গৈছে।

সংগঠনৰ নেতা উমানন্দ মৰাণে কয়”এয়া গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে কিমান যোগাত্মক পৰিৱেশ সেইয়া অতিকৈ চিন্তনীয়। কেৱল আন্দোলন গঢ়ি তোলা হ’ব বুলি সংবাদ মাধ্যমৰ জড়িয়তে দাবী কেইটা তুলি ধৰাটো অপৰাধ হ’ব পাৰে নে ??   শ্ৰদ্ধাৰ ৰাইজ বেছি নিলিখো। দাবী সতীৰ্থ কমৰেড তথা জিলা সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক ধৰ্মৰাজ শৰ্মা ডাঙৰীয়াক  অতি শীঘ্ৰে বিনাচৰ্তে মুক্তিৰ দাবী জনালো।”

editor

Related Posts

শিৱসাগৰত পুনৰ আফ্ৰিকান ছোৱাইন ফিভাৰ…

গাহৰি-লাইশাকৰ জুতি লোৱাৰ কথা ভবাসকলে সেই আশা সদ্যহতে বাদ দিয়ক । কিয়নো, পুনৰ প্ৰাদুৰ্ভাৱ ঘটিছে আফ্ৰিকান ছোৱাইন ফিভাৰৰ । শিৱসাগৰ জিলাৰ ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত ডিমৌ উন্নয়ন খণ্ডৰ অধীনত থকা…

লাচিত দিৱসৰ নামত ধন দাবী: বীৰ লাচিত সেনাৰ ৪নেতাক নিলম্বন

কোনো দল-সংগঠনে ব্যৱসায়িক প্ৰতিষ্ঠানত ধন দাবী কৰিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ দিছিল। কিন্তু মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশক কেৰেপ নকৰে ৰাজ্যৰ একাংশ দল-সংগঠনে । একাংশই অনুষ্ঠান আয়োজন কৰাৰ…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ