

ডিজিটেল ডেস্কঃ পুনৰ উত্তৰ-পূবত আটক অবৈধ বাংলাদেশী নাগৰিক। সোমবাৰে ত্ৰিপুৰাত সীমান্ত সুৰক্ষা বাহিনীয়ে অভিযান চলাই শিশু আৰু মহিলাসহ ৭ জন বাংলাদেশী নাগৰিকক আটক কৰাৰ লগতে কেইবা লাখ টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।
বি এছ এফৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি, নিৰ্দিষ্ট তথ্যৰ ভিত্তিত সোমবাৰে পুৱতি নিশা পশ্চিম ত্ৰিপুৰা জিলাৰ সিধাইৰ অন্তৰ্গত বি অ’ পি হৰনাখোলা অঞ্চলত নিয়োজিত বি এছ এফৰ জোৱানে সীমান্তৰ বেৰৰ কাষৰ পৰা ০৭ জন বাংলাদেশী নাগৰিকক আটক কৰে।
ধৃত বাংলাদেশী অনুপ্ৰৱেশকাৰী কেইজনৰ দুজন বাংলাদেশৰ মৌলবীবাজাৰৰ নিৱাসী আৰু শিশু আৰু মহিলাসহ আন ৫ জন ব্ৰহ্মণবৰীয়াৰ বাসিন্দা বুলি প্ৰকাশ কৰিছে বি এছ এফে। তেওঁলোকৰ পৰা ১.৫ লাখ বাংলাদেশী মুদ্ৰা আৰু ৩০০ মাৰ্কিন ডলাৰো উদ্ধাৰ কৰা হৈছে।