উমৰাংছুৰ কয়লাৰ অবৈধ ৰেট হোল মাইনিঙৰ সময়ত ৯ শ্ৰমিক জীৱন্তে আৱদ্ধ হৈ মৃত্যুক আকোৱালি লোৱা ঘটনাৰ প্ৰায় দুমাহৰ মূৰত আজি বিশেষ তদন্ত সমিতিয়ে চাৰ্জশ্বিট দাখিল কৰিছে। ডিমা হাচাওৰ মুখ্য ন্যায়াধীশৰ আদালতত দাখিল কৰা চাৰ্জশ্বিটত ১২ জন অভিযুক্তৰ নাম সন্নিৱিষ্ট কৰা হৈছে। কিন্তু চাৰ্জশ্বিটত কণিকা হোজাইৰ নাম নোহোৱাটো ৰহস্যজনক বুলি বিবেচিত হৈছে।
চাৰ্জশ্বিটত উল্লেখ থকা অভিযুক্তসকল হৈছে খননত নিয়োজিত শ্ৰমিক আৰু খনি চোৱা-চিতা কৰা মহৰী। ইয়াৰ ভিতৰত পুনীষ নুনিছা, আব্দুল হান্নান লস্কৰ, ৰণভদ্ৰ হাঞ্চুৰ, দিলদাৰ হুছেইন, বিপুল পুৰুছা, ইনামুদ্দিন, মনবাহাদুৰ ৰায়, সন্তোষ গুৰুং, বিক্ৰম গিৰিছা, মমনজিৎ লাংথাছা, নাজিৰুদ্দিন, আৰু আফজাল হুছেইনৰ নাম আছে। এইসকলক ঘটনা সংঘটিত হোৱা দিনকেইটাত গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু চাৰ্জশ্বিটত কয়লা খননৰ চিণ্ডিকেট চলোৱা শাসকীয় দলৰ নেতা তথা প্ৰভাৱশালী ব্যক্তিৰ নাম উল্লেখ নোহোৱাটোৱে বিতৰ্কৰ সৃষ্টি কৰিছে।
ঘটনাটোত কণিকা হোজাইৰ জড়িত থকাৰ অভিযোগ উঠিছিল। কণিকা হোজাইৰ নামত চালান থকা তথা খননৰ অনুমতি থকা সুৰংগত কয়লা খান্দিবলৈ শ্ৰমিকসকল সোমাই মৃত্যুমুখত পৰিছিল। কিন্তু চাৰ্জশ্বিটত তেওঁৰ নাম নোহোৱাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে। কণিকা হোজাই হৈছে ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোছাৰ পত্নী। অসম আৰক্ষীয়ে তেওঁক মাতি আনিবলৈ ভয় কৰাৰ কথাও প্ৰচাৰিত হৈছিল।
ঘটনাটোৰ পিছত অসমৰ বিৰোধী দলসমূহে সৰৱ হৈ উঠিছিল আৰু উচিত তদন্তৰ দাবী জনাইছিল। মুখ্যমন্ত্ৰীয়ে ন্যায়িক তদন্ত ঘোষণা কৰাৰ লগতে ৰেট হোল মাইনিং তথা সকলো অবৈধ কয়লাখন বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছিল। কিন্তু চাৰ্জশ্বিটত কণিকা হোজাইৰ নাম নোহোৱাটোৱে তদন্তৰ স্বচ্ছতাৰ ওপৰত প্ৰশ্ন তুলিছে।