

গুৱাহাটীঃ গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাক লৈ এইবাৰ মুখ খুলিলে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। গুৱাহাটীত পানী থাকিবলৈ খালী জেগা নাই বাবা বৰষুণ দিলে পানী হ’বই বুলি মন্তব্য কৰে দৈমাৰীয়ে।
বুধবাৰে মৰিগাঁৱত অনু্ষ্ঠিত হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি সোমবাৰৰ গুৱাহাটীৰ ভয়ংকৰ কৃত্ৰিম বান সন্দৰ্ভত মন্তব্য কৰে বিশ্বজিৎ দৈমাৰীয়ে।
তেওঁ কয়, “সেইদিনা অকস্মাতে এক দুই ঘণ্টাৰ ভিতৰত বাল্টি দি ঢালি দিয়াৰ দৰে বৰষুণ দিছিল,সেইবাবে গুৱাহাটীৰ অৱস্থা এনেকুৱা হৈ গ’ল। ভাল কথা যে,গুৱাহাটীৰ নলাৰ ব্যৱস্থা বহুত উন্নত হ’ল, সেইবাবে পিছ দিনাৰ পৰা পানী নলাই দি ওলাই গ’ল। এতিয়া গুৱাহাটী জীৱন যাত্ৰা স্বাভাৱিক হ’ল।”
উল্লেখ্য যে, ইয়াৰ পূৰ্বে নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহালে গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাৰ বাবে মেঘালয়ক জগৰীয়া কৰিছিল। মেঘালয়ৰ পৰা বৈ অহা পানীয়ে গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি কৰা বুলি মন্তব্য কৰিছিল সিংহালে।