
গুৱাহাটীঃ ৰাজ্যত পুনৰ প্ৰবল বৰষুণৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ। ১৭ খন জিলাত প্ৰচণ্ড বৃষ্টিপাতৰ সম্ভাৱনা।
দুখন জিলাত অতি প্ৰবল বৰষুণৰ আগজাননী জাৰি কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। পশ্চিম কাৰ্বিআংলং আৰু কাছাৰ জিলাত ৭ ছেণ্টিমিটাৰৰ পৰা ২০ ছেণ্টিমিটাৰ পৰ্যন্ত বৰষুণৰ আগজাননী।
তদুপৰি দৰং, ওদালগুৰি, নগাঁও, হোজাই, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, যোৰহাট, মাজুলী, তিনিচুকীয়া, ডিমা হাছাও, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাতো হ’ব বৰষুণ।