
মৃত্যুমুখী নহয় আলফা স্বাধীন। – এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
শেহতীয়াকৈ স্বাধীনতা দিৱসত ৰাজ্যৰ ২৫টা ভিন্ন স্থানত বোমা সংস্থাপন কৰি শক্তি প্ৰদৰ্শন কৰা আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ অনাটো সহজ নহয় বুলি স্বীকাৰ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
আজি শিলচৰত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে আলফা স্বাধীন এতিয়াও মৃত্যুমুখী হোৱা নাই।
তেওঁ কয়, ”আলফা স্বাধীনত ৭০০ জন প্ৰশিক্ষণপ্ৰাপ্ত কেডাৰ আছে। এটা ফোনতেই পৰেশ বৰুৱাক শান্তি আলোচনাৰ বাবে সৈমান কৰাটো সহজ নহয়।’’
অৱশ্যে এদিন নহয় এদিন পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আনিবলৈ সক্ষম হ’ব বুলিও আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।