ওমৰ আব্দুল্লা হ’ব জম্মু-কাশ্মীৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, নেতা নিৰ্বাচিত

১০ বছৰৰ মূৰকত জম্মু-কাশ্মীৰত নিৰ্বাচিত চৰকাৰ গঠন হ’ব৷ ৮ অক্টোবৰত ঘোষিত ফলাফল অনুসৰি কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে৷ ধাৰা ৩৭০ আতৰোৱাৰ পাছৰে পৰা ১০ বছৰে ৰাজ্যপালে চলাই আছিল জম্মু আৰু কাশ্মীৰ৷ নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছ মিত্ৰজোঁটে নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰাত চৰকাৰ গঠনৰ পথ স্পষ্ট হৈছিল৷ তাৰ মাজতে আজি কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সৰ বিধায়কৰ উপস্থিতিত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত ওমৰ আব্দুল্লাক নেতা নিৰ্বাচিত কৰা হয়৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হ’ব ওমৰ আব্দুল্লা৷ ৪ জন নিৰ্দলীয় বিধায়কেও ইণ্ডিয়া মিত্ৰজোঁটৰ চৰকাৰক সমৰ্থন কৰাৰ ঘোষণা কৰিছে৷ নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছ মিত্ৰজোঁটৰ বৰ্তমান বিধায়কৰ সংখ্যা ৫৬ জনলৈ বৃদ্ধি হৈছে৷ নেচনেল কনফাৰেন্সৰ ৪৬, কংগ্ৰেছৰ ৬ আৰু চাৰি নিৰ্দলীয়ই সমৰ্থন আগবঢ়াইছে৷ চৰকাৰ গঠনৰ বাবে ৪৬ জন বিধায়কৰহে প্ৰয়োজন।

 

  • Brahmaputra Times

    Related Posts

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    ডিজিটেল ডেস্কঃ   কোন হ’ব শাসকীয় বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ? ইতিমধ্যে কাৰ্যকাল শেষ হৈছে জে পি নড্ডাৰ। নাড্ডাক ইতিমধ্যে নৰেন্দ্ৰ মোডীয়ে তেওঁৰ তৃতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হিচাপে দায়িত্ব দিছে।…

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    ডিজিটেল ডেস্কঃ  অশান্ত মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে মঙলবাৰে ৰাজধানী নতুন দিল্লীত গৃহ মন্ত্ৰালয়ৰ তত্বাবধানত মণিপুৰৰ মেইটেই, কুকি আৰু নগা সম্প্ৰদায়ৰ বিধায়কসকল একলগ হৈ এক বৈঠকত মিলিত হয়। ৰাজ্যখনৰ ভূমি আৰু…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক