
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ অসম আৰু মধ্য অসমত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলায়৷ মুখ্যমন্ত্ৰীয়ে শোণিতপুৰ জিলা আৰু নগাঁও জিলাত মুখ্যমন্ত্ৰীয়ে দুখনকৈ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলায়৷ সভাত জিলাৰ বিজেপি আৰু অসম গণ পৰিষদৰ প্ৰাৰ্থীসকল উপস্থিত থাকে৷ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক মুখ্যমন্ত্ৰীয়ে ভোট দিবলৈ ৰাইজৰ আহ্বান জনায়৷ কেইবা হাজাৰ লোক উপস্থিত থকা সভাত মুখ্যমন্ত্ৰীয়ে পঞ্চায়ত নিৰ্বাচনত পদুম ফুলিব বুলি দাবী কৰে৷ শোণিতপুৰ জিলাৰ বিশ্বনাথৰ সভাত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ লক্ষ্য অসমখনক দেশৰ ভিতৰতে এখন অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলা হ’ব বুলি কয়৷ আমি ৰাজ্যৰ প্ৰতিটো অঞ্চলৰে বিকাশ আৰু উন্নয়নৰ বাবে সমভাৱে দৃষ্টি নিবদ্ধ কৰিছো বুলিও কয় মুখ্যমন্ত্ৰীয়ে৷ অক্টোবৰৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউলৰ লগতে দাইল, চেনী আৰু নিমখ বজাৰতকৈ ২০, ৩০ আৰু ১০ টকা কম মূল্যত দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে৷ পূৰ্বতে মহাবিদ্যালয়ত নামভৰ্তি বিনামূলীয়া আছিল যদিও চক্ৰ বিষয়াৰ কাৰ্যালয়, পঞ্চায়তৰ পৰা প্ৰমাণ পত্ৰ লৈহে কৰিব পৰা গৈছিল। এইবাৰৰ পৰা সেয়াও নালাগে, একমাত্ৰ ৰেচন কাৰ্ড থাকিলেই হ’ব বুলিও কয় মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰাৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছ সাংসদগৰাকীয়ে নিজৰ দলৰে এগৰাকী কৰ্মীক জিলা পৰিষদৰ টিকট দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও সেয়া পূৰ্ণ কৰিব নোৱাৰিলে৷ তাৰ পোতক তোলাৰ বাবে তেখেতক আক্ৰমণ কৰিছে বুলি আমি জ্ঞাত হৈছো৷ কংগ্ৰেছে এই নিৰ্বাচনত তেওঁলোকৰ প্ৰাৰ্থীসকলক কোনোধৰণৰ সহযোগিতা কৰা নাই৷ এখন পোষ্টাৰো কংগ্ৰেছ কৰ্মীসকলক বনাই দিয়া নাই আৰু ওলোটাই টিকট দিয়াৰ প্ৰতিশ্ৰুতিৰে প্ৰাৰ্থীসকলৰ পৰা ধন সংগ্ৰহ কৰিছে৷ বৰচলা সমষ্টিত ভাষণ প্ৰদান কৰি কংগ্ৰেছৰ দিনত টকা আৰু নাৰীৰ বিনিয়মত চৰকাৰী চাকৰি বিক্ৰী হোৱাৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত এজন সাক্ষীয়ে সাক্ষী দিছে যে অকল টকা-পইচা নহয়, চৰকাৰী চাকৰিৰ নামত ছোৱালীৰ সতীত্বও হৰণ হৈছিল। অসমত বিজেপি চৰকাৰে শিক্ষিত নিবনুৱাক চৰকাৰী চাকৰি প্ৰদান কৰিছে কোনো ধৰণৰ উপঢৌকন নোলোৱাকৈ। কিন্তু চৰকাৰী চাকৰিৰ নামত কংগ্ৰেছে নিজৰ অট্টালিকা নিৰ্মাণ কৰিলে আৰু তাৰ বাহিৰে আন একো নহ’ল।