
যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গলৈ মেঘালয়ৰ ইউনিভাৰ্চিটি অৱ ছায়েন্স, টেকনলজি এণ্ড মেনেজমেণ্টৰ সম্মানীয় ডক্টৰেট ডিগ্ৰী ঘোষণা।
বাতিৰ অনুসৰি, সাহিত্যত জুবিন গাৰ্গক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিব বিশ্ববিদ্যালয়খনে।
অহা ২৭ আগষ্টত অনুষ্ঠিত হ’বলগীয়া সমাৱৰ্তন অনুষ্ঠানত জুবিন গাৰ্গক এই সন্মানীয় ডিগ্ৰী প্ৰদানৰ সম্ভাৱনা।
উল্লেখ্য যে, শেহতীয়াকৈ মহানগৰীৰ কৃত্ৰিম বান সমস্যাক লৈ চৰ্চিত হৈ পৰিছে ইউ এছ টি এম।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে মেঘালয়ত অৱস্থিত এই বিশ্ববিদ্যালয়খনক।
ইউ এছ টি এমত ‘জেহাদৰ বাপ’ চলে বুলিও কটুক্তি কৰিছিল অসমৰ মুখ্যমন্ত্ৰীয়ে।