

ডিজিটেল ডেস্কঃ কলকাতাৰ এগৰাকী মহিলা চিকিৎসকৰ সৈতে সংঘটিত জঘন্য কাণ্ডই দেশজুৰি জ্বলাইছে ক্ষোভৰ অগণি। দেশৰ বিভিন্ন প্ৰান্তৰ চিকিৎসক, সাধাৰণ নাগৰিকে এই ঘটনাৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই অহাৰ সময়তে কলকাতা কাণ্ডক লৈ স্বতঃসংজ্ঞান গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। বাতৰি অনুসৰি, দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোশ মিশ্ৰৰ বিচাৰপীঠে অহা ২০ আগষ্ট অৰ্থাৎ মঙলবাৰে গ্ৰহণ কৰিব কলকাতা গোচৰৰ শুনানি।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে এই ধৰ্ষণ আৰু হত্যাকাণ্ডৰ আৰক্ষীক তদন্তক লৈ অসন্তুষ্টি প্ৰকাশ কৰি গোচৰৰ তদন্তৰ ভাৰ চি বি আইক অৰ্পণৰ নিৰ্দেশ দিছিল কলকাতা উচ্চ ন্যায়ালয়ে। চি বি আইয়ে এই গোচৰৰ তদন্ত অব্যাহত ৰখাৰ সময়তো দেশজুৰি ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত হৈ আছে।
ইফালে কন্যাৰ বিৰুদ্ধে সংঘটিত জঘণ্য অপৰাধক লৈ মমতা বেনাৰ্জী চৰকাৰৰ ওপৰত বিষোদগাৰ ব্যক্ত কৰিছে ভুক্তভোগী মহিলা চিকিৎসকগৰাকীৰ পিতৃয়েও। মমতা বেনাৰ্জীয়ে এই ঘটনাটোক গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ তুলি পিতৃয়ে কয়, “বিভাগ বা কলেজৰ পৰা আমাক কোনেও সমৰ্থন কৰা নাই। সমগ্ৰ বিভাগটো ইয়াৰ লগত জড়িত… শ্মশানত তিনিটা মৃতদেহ আছিল, কিন্তু আমাৰ ছোৱালীজনীৰ মৃতদেহটো প্ৰথমে জ্বলাই দিয়া হৈছিল… মুখ্যমন্ত্ৰীয়ে ন্যায় পোৱাৰ কথা কৈছে। তাৰ পিছত ন্যায় বিচৰা সাধাৰণ লোকসকলক জেলত ৰাখিবলৈ চেষ্টা কৰা হৈছে।’’