কাইলৈ অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

অগপই উজনি অসমত নেতাসকলক শক্তিশালী কৰাৰ লগতে দলৰ সাংগঠনিক ভেটি শক্তি কৰিবলৈ প্ৰথম প্ৰয়াসত নতুন আৰু পুৰণি নেতাক একেখন পতাকাৰ তলত একত্ৰিত কৰি পূৰ্বৰ সেই আবেগ পুনৰ ৰাইজৰ মাজলৈ নিব খুজিছে৷ অসম আন্দোলন, ৮৫৫ জন শ্বহীদৰ ত্যাগক সাৰথি কৰি অগপই পুনৰ ৰাইজৰ মাজলৈ যাবৰ বাবে কঁকালত টঙালী বান্ধিছে৷ প্ৰথম পদক্ষেপ হিচাপে উজনি অসমত অনুষ্ঠিত কৰিছে কেন্দ্ৰীয়  প্ৰতিষ্ঠা দিৱস৷ বিগত কেইবাটাও দিন ধৰি উজনিলৈ কেন্দ্ৰীয় নেতাৰ আহ-যাহ বৃদ্ধি হৈছে৷ মূল লক্ষ্য হৈছে ২০২৬ চন৷ ২০২৪ চনৰ নিৰ্বাচনৰ দৰে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত যাতে উজনি অসমৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্বত উজনি অসমৰ নেতা শূন্য নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হৈছে৷ পুৱা ডিব্ৰুগড় জিলাৰ চাবুৱাৰ জেৰাইত পুৱা প্ৰভাতী আৰু পতাকা উত্তোলনৰ পাছতে কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আৰম্ভ হ’ব৷ ৯:৩০ বজাত শ্বহীদ তৰ্পণ, ১০ বজাত সতীৰ্থ সোঁৱৰণ, ১১ বজাত সাংস্কৃতিক শোভাযাত্ৰা, দিনৰ ১২ বজাত মুকলি সভা, সন্ধা ৫ বজাত বন্তি প্ৰজ্বলন কৰা হ’ব। মুকলি সভাত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকিব। তিনিদিন পূৰ্বে স্থানীয় বিধায়ক পোনাকণ বৰুৱাই এখন সংবাদমেল সম্বোধন কৰি দলৰ ইতিহাস বৰ্ণনা কৰি কেইবাটাও দিশ স্পষ্ট কৰি দিছে৷ অগপই দুবাৰকৈ দিছপুৰত অকলে চৰকাৰ গঠন কৰাৰ কথা দোহাৰিছে৷ তেওঁ অগপ এটা সাধাৰণ দল নহয় বুলি দাবী কৰি ছয় বছৰীয়া অসম আন্দোলনৰ ফলশ্ৰুতিত এই দলৰ জন্ম বুলিও কয়৷ পুলিচ-চিআৰপিএফৰ গুলীত ৮৫৫ জন লোক শ্বহীদ হৈছিল৷ খিলঞ্জীয়া লোক শ্বহীদ হৈছিল৷ হাজাৰ হাজাৰ লোক ঘূণীয়া হৈছিল৷ বাই-ভনী নিৰ্যাতিতা হৈছিল বুলি দাবী কৰি অগপৰ প্ৰতি পূৰ্বে মানুহৰ যি সহানুভূতি আছিল সেই সহানুভূতি উভতাই আনিবলৈ প্ৰয়াস কৰিছে৷

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক