

জ্যখনৰ বাবে বিনিয়োগ বিচাৰি দেশ-বিদেশৰ বিভিন্ন প্ৰান্তত ব্যস্ত মুখ্যমন্ত্ৰীগৰাকী৷ এডভাণ্টেজ আছাম ২.০ৰ বাবে দেশে-বিদেশী উদ্যোগপতিক সাক্ষাৎ কৰিছে। বিগত দুটা দিনত মুম্বাই আৰু দিল্লীত ব্যস্ত থকা মুখ্যমন্ত্ৰীয়ে কাইলৈ উৰা মাৰিব বিদেশলৈ৷ কাইলৈ দুদিনৰ বাবে এডভাণ্টেজ আসাম ২.০ৰ প্ৰচাৰৰ ছিংগাপুৰলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ এই ভ্ৰমণত ছেমিকণ্ডাক্টৰ, ডীপ টেকন’লজী, আন্তঃগাঁথনি আৰু নিৰ্মাণ আদি খণ্ডত ৰাজ্যৰ বৰ্ধিত সম্ভাৱনা সন্দৰ্ভত প্ৰচাৰ-প্ৰসাৰ কৰিব। মুখ্যমন্ত্ৰীয়ে ছিংগাপুৰত ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব৷ বাণিজ্যিক সহযোগিতা তথা বিনিয়োগৰ সুযোগক লৈ ছিংগাপুৰৰ ঔদ্যোগিৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিব৷ ইপিনে মুখ্যমন্ত্ৰীয়ে মুম্বাইত শেষ দিনটোত উদ্যোগপতি মুকেশ আম্বানী আৰু তেওঁৰ পুত্ৰ অনন্ত আম্বানীক সাক্ষাৎ কৰে৷ সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীয়ে এক্সত পোষ্ট দি কয় যে এক বিশেষ সাক্ষাতত মিলিত হৈ সুখী হ’লো। সাক্ষাৎকালত অসমক ভাৰতৰ পৰৱৰ্তী উদ্যোগিক কেন্দ্ৰ কৰাৰ দিশত আলোচনা কৰা হয়। মই আশাবাদী যে এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে ৰিলায়েন্সৰ অসমত বিশেষকৈ জৈৱ ইন্ধন, ফিনটেক, টেলিকম আৰু অন্যান্য উদীয়মান খণ্ডত স্থিতি সম্প্ৰসাৰণৰ পৰিকল্পনা সুদৃঢ় কৰা দেখিবলৈ পাম। এইবাৰ এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে অসমত বিনিয়োগৰ বাবে ৰিলায়েন্স কৰ্তৃপক্ষক আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।