

আজি বিজেপিৰ চাৰি বিধায়কে মন্ত্ৰী হিচাপে শপত লোৱাৰ কেইটামান ঘণ্টাৰ পিছতে কইনাধৰাৰ অতিথিশালাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ কেবিনেট অনুষ্ঠিত হয়৷ কেবিনেটত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে৷ কেবিনেটে বৰাক উন্নয়ন বিভাগ গঠনৰ সিদ্ধান্ত লৈছে৷ কেবিনেট বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহ ৰাজহুৱা কৰে৷ বৰাকৰ উন্নয়ন ব্যৱস্থা টনকীয়াল কৰিবলৈ বৰাক উন্নয়ন বিভাগ গঠন আৰু শিলচৰ আৰু গুৱাহাটীত কাৰ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত লয় চৰকাৰে। ৰাজ্যত ইথানল প্রস্তুত কৰা তিনিটা উদ্যোগক ৰাজসাহায্য প্ৰদানৰ সিদ্ধান্ত লৈছে কেবিনেটে৷ শস্য আধাৰিত ইথানল প্ৰস্তুতকাৰী সংস্থাক ইথানৰ প্ৰতি লিটাৰত ২ টকাকৈ উৎপাদন সংযোজিত সাহায্য প্ৰদানৰ অনুমোদন জনাইছে৷ আনহাতে আজিৰ কেবিনেটে কাৰাগাৰত অনাকাংক্ষিতভাৱে মৃত্যু হোৱা লোকৰ পৰিয়ালক সাহায্য প্ৰদানৰ সিদ্ধান্ত লয়৷ কাৰাগাৰত কয়দীৰ মাজতে সংঘৰ্ষ লাগি কয়দীৰ মৃত্যুত পৰিয়ালক ২ লাখ টকা, কৰ্তৃপক্ষৰ হাৰাশাস্তিৰ ফলত মৃত্যুত ৩ লাখ টকা, কৰ্তৃপক্ষ আৰু স্বাস্থ্যকৰ্মীৰ গাফিলতিত মৃত্যুত ৪ লাখ টকা আৰু কয়দীয়ে আত্মহত্যা কৰিলে পৰিয়ালে পাব ৩ লাখ টকা দিয়াৰ সিদ্ধান্ত লয় কেবিনেটে৷