
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যিক বঁটাৰ প্ৰাপ্তসকলৰ নাম ঘোষণা কৰা হয়। বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ বঁটাৰ প্ৰাপ্তসকলৰ নাম ঘোষণা কৰা হয়। অসম বৈভৱ বঁটা ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট ৰাণা প্ৰতাপ কলিতাক প্ৰদানৰ ঘোষণা কৰা হয়। অসম সৌৰভ বঁটা সংগীত শিল্পী দ্বিপেন বৰুৱা, নাট্যকাৰ হেমন্ত দত্ত, মহিলা ক্ৰিকেটাৰ উমা ছেত্ৰী, আৰু টিচিএছৰ চেয়াৰমেন ড০ এছ ৰামাডুৰাইক প্ৰদানৰ ঘোষণা কৰা হয়। অসম গৌৰৱ বঁটা চোৰণ এহেম ৰেস্তোঁৰা, বাৰেকুৰি ইক’ ডেভলপমেণ্ট ছোচাইটি, নগাঁৱৰ ‘হাতী বন্ধু’, ডেভিড প্ৰতিম গগৈ, ‘ৱূলাহ টী’ৰ উপমন্যু বৰকাকতি, বৰলাংফা নাৰ্জাৰী, ৰাম চাচনি, ভাৰত কলিতা, বিশ্বজিৎ বৰা, নজৰুল হক, বিনং তেৰণ, হৰিদাস দাস, পাৰ্থিৱ সুন্দৰ গগৈ, ড০ বাপ্পী পাল, পূৰবী শইকীয়া, ফুলেশ্বৰী দত্ত, আৰু মিনাক্ষী দাসক প্ৰদানৰ ঘোষণা কৰা হয়। ৩০ মাৰ্চত ৰাজ্যপাল গৌৰৱ বঁটা ৩ লাখ টকাসহ, অসম সৌৰভ বঁটা ৪ লাখ টকাসহ আৰু অসম বৈভৱ বঁটা ৫ লাখ টকাসহ প্ৰদান কৰা হ’ব।