
গুৱাহাটীঃ ৰাজ্যত ধিং তথা অন্য প্ৰান্তত সংঘটিত কিশোৰী নিৰ্যাতনৰ ঘটনা আৰু উজনি অসমত সূত্ৰপাত ঘটা মিঞা হতাও অভিযানৰ মাজতে কংগ্ৰেছৰ প্ৰতিগৰাকী বিধায়কলৈ এক কঢ়া নিৰ্দেশ জাৰি কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। দেওবাৰে অনুষ্ঠিত হোৱা কংগ্ৰেছৰ এক বৈঠকৰ পিছতে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই সদৰী কৰে এই নিৰ্দেশৰ কথা। তেওঁ কয় যে বিধায়কসকলক সমাজত উত্তেজনাৰ সৃষ্টি কৰিব পৰা কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা আতৰি থাকিবলৈ কোৱা হৈছে।
প্ৰণিধানযোগ্য যে, শেহতীয়াকৈ নগাঁও জিলাৰ ধিঙত সংঘটিত এগৰাকী কিশোৰীৰ সৈতে যৌন নিৰ্যাতনৰ ঘটনাৰ পিছতে শিৱসাগৰকে ধৰি উজনি অসমৰ কেইবাখনো জিলাত মিঞা আৰু সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কেইবাটাও আঞ্চলিক দল-সংগঠন।
মিঞা আৰু অন্য সন্দেহযুক্ত নাগৰিকক উজনি অসম এৰি যাবলৈ খিলঞ্জীয়া দল-সংগঠনসমূহে ৭ দিনৰ সময় বান্ধি দিয়াৰ পিছতে ইয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে। মিঞাক উজনি অসমৰ পৰা কোনেও খেদিব নোৱাৰে বুলি হুংকাৰ দিয়াৰ পিছতে বিধায়কগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ লগতে আন বহু খিলঞ্জীয়া নেতা-কৰ্মী।
আনহাতে বিধায়কগৰাকীৰ মন্তব্যৰ পিছতে অধিক তীব্ৰতৰ হৈ উঠা মিঞা হাতাও অভিযান আৰু প্ৰতিবাদৰ পিছত অৱশেষত নিজৰ ভুল স্বীকাৰ কৰিবলৈ বাধ্য হয় আব্দুৰ ৰছিদ মণ্ডলে। দেওবাৰে তেওঁ কয়, “যোৱাকালি মই কোৱা কথাখিনিৰ প্ৰকাশ ভংগীত অলপ খেলিমেলি হ’ল। যাৰ বাবে উজনি অসমত কিছু বিতৰ্ক আৰু প্ৰতিক্ৰিয়া দেখা গৈছে, যাৰ বাবে মই দুখ প্ৰকাশ কৰিছোঁ।উজনি অসমত খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ স্বাৰ্থত দল-সংগঠন, ৰাইজে যি বিদেশীৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছে, তাত মোৰ পূৰ্ণ সহযোগিতা থাকিব। কিন্তু, প্ৰতিটো দল-সংগঠনলৈ আহ্বান,উজনি অসমত জনজাতীয় দল-সংগঠন সমূহে আৰম্ভ কৰা এই আন্দোলন অসম চুক্তি অনুসৰি বিদেশীৰ বিৰুদ্ধে হওক, কোনো ধৰ্ম,ভাষাৰ বিৰুদ্ধে নহওক”।
ইফালে আব্দুৰ ৰছিদ মণ্ডলৰ মন্তব্যৰ পিছতে খিলঞ্জীয়াৰ ক্ষোভৰ সন্মুখীন হোৱা প্ৰদেশ কংগ্ৰেছেও দেওবাৰে এক জৰুৰী বৈঠকৰ আহ্বান কৰে। এই বৈঠকতেই আব্দুৰ ৰছিদ মণ্ডলৰ লগতে প্ৰতিগৰাকী বিধায়কক অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই প্ৰদান কৰিলে কাঢ়া নিৰ্দেশ। আব্দুৰ ৰছিদ মণ্ডলে পিছলৈ যাতে কোনো বিতৰ্কিত বা উত্তেজনাপূৰ্ণ মন্তব্য প্ৰদান নকৰে, তাৰ বাবে তেওঁক কংগ্ৰেছৰ নেতৃত্বই সতৰ্ক কৰি দিয়াৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিগৰাকী বিধায়কো এই নিৰ্দেশ প্ৰদান কৰা হয়।