কোন আছিল দিল্লীৰ প্ৰথম মুখ্যমন্ত্ৰী; মাত্ৰ ৪৯ দিনতেই কোনজন মুখ্যমন্ত্ৰীয়ে কৰিছিল পদত্যাগ

আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব। কেজৰিৱালৰ ঠাইত আম আদমী পাৰ্টিৰ নেত্ৰী আতিশী হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী। শীঘ্ৰেই তেওঁক দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱা দেখা যাব।

জানো আহক দিল্লীৰ মুখ্যমন্ত্রীৰ তালিকা। প্ৰথমবাৰৰ বাবে কোন নেতাই লাভ কৰিছিল দিল্লী চলোৱাৰ দায়িত্ব। এই পৰ্যন্ত কোন কোন নেতাই দিল্লীৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল।

কোন আছিল দিল্লীৰ প্ৰথম মুখ্যমন্ত্ৰী?

কংগ্ৰেছৰ চৌধুৰী ব্ৰহ্ম প্ৰকাশক দিল্লীৰ প্ৰথম মুখ্যমন্ত্ৰী বনোৱা হৈছিল। ১৯৫২ চনত প্ৰথমবাৰৰ বাবে দিল্লীত নিৰ্বাচন অনুষ্ঠিত হয়। যদিও নিৰ্বাচনৰ পিছত দেশবন্ধু গুপ্তাক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ’ব বুলি ঘোষণা কৰা হৈছিল, কিন্তু বিমান দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়। ইয়াৰ পিছত চৌধুৰী ব্ৰহ্ম প্ৰকাশক দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়। তেওঁ স্বাধীনতা সংগ্ৰামীও আছিল। ১৯১৮ চনৰ ১৬ জুনত জন্মগ্ৰহণ কৰা চৌধুৰী ব্ৰহ্ম প্ৰকাশ ১৯৫২ চনৰ ১৭ মাৰ্চৰ পৰা ১৯৫৫ চনৰ ১২ ফেব্ৰুৱাৰীলৈ দিল্লীৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত আছিল। তেওঁ আছিল দিল্লীৰ শকুৰপুৰৰ বাসিন্দা।

 

দ্বিতীয় মুখ্যমন্ত্ৰী গুৰমুখ নিহাল সিং

১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনত চৰ্দাৰ গুৰমুখ নিহাল সিং দিল্লী বিধানসভাৰ সদস্য নিৰ্বাচিত হয়। ১৯৫২ চনৰ ৭ মে’ত তেওঁ বিধানসভাৰ অধ্যক্ষও হয়। গুৰমুখ নিহাল সিঙে ১৯৫৫ চনৰ ১২ ফেব্ৰুৱাৰীৰ পৰা ১৯৫৬ চনৰ ১ নৱেম্বৰলৈ দিল্লীৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত ১৯২০ চনত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয় (BHU)ত অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে। পিছলৈ ১৯৫০ চনত দিল্লীৰ শ্ৰী ৰাম মহাবিদ্যালয়ৰ অধ্যক্ষও আছিল।

১৯৫৬ চনৰ পৰা ১৯৯৩ চনলৈ কোনেও মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা নাছিল।

১৯৫৬ চনৰ পৰা দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদ বাতিল কৰা হয়। ১৯৫৬ চনত দিল্লী বিধানসভা ভংগ কৰি কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হয়। ১৯৬৬ চনত দিল্লীক মহানগৰ পৌৰসভাৰ মৰ্যাদা দিয়া হয়। ১৯৯১ চনত সংবিধান সংশোধন কৰি ইয়াক ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল হিচাপে ঘোষণা কৰা হয়। সীমা নিৰ্ধাৰণৰ পিছত পুনৰ বিধানসভা গঠন কৰা হয়।

১৯৯১ চনত ৬৯ সংখ্যক সাংবিধানিক সংশোধনীত দিল্লীক ৭০ জন সদস্যৰে এখন বিধানসভা গঠনৰ অনুমতি দিয়া হৈছিল। ইয়াত অনুসূচিত জাতিৰ বাবে ১২খন আসন সংৰক্ষিত কৰা হৈছিল।

১৯৯৩ চনত মদনলাল মুখ্যমন্ত্ৰী হয়

ইয়াৰ পিছত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সময়ত ১৯৯৩ চনৰ ২ ডিচেম্বৰত মদনলাল খুৰানা দিল্লীৰ মুখ্যমন্ত্ৰী হয়। ১৯৯৬ চনৰ ২৬ ফেব্ৰুৱাৰীলৈকে তেওঁ এই পদত আছিল। মদন লাল খুৰানাৰ পিছত বিজেপিৰ চাহিব সিং ভাৰ্মাক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়। ১৯৯৬ চনৰ ২৬ ফেব্ৰুৱাৰীৰ পৰা ১৯৯৮ চনৰ ১২ অক্টোবৰলৈ তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ইয়াৰ পিছত বিজেপিৰ সুষমা স্বৰাজক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়, ১৯৯৮ চনৰ ৩ ডিচেম্বৰলৈকে এই পদত থাকে। পৰৱৰ্তী নিৰ্বাচনত কংগ্ৰেছৰ শীলা দীক্ষিতে দিল্লীৰ কমাণ্ড পালে। তেওঁ ২০১৩ চনৰ ২৮ ডিচেম্বৰলৈকে ইয়াত মুখ্যমন্ত্ৰী হিচাপে থাকে।

শীলা দীক্ষিতৰ পিছত আন্না আন্দোলনৰ পৰা ওলাই অহা অৰবিন্দ কেজৰিৱালৰ দল আম আদমী পাৰ্টি ক্ষমতালৈ আহে আৰু কেজৰিৱাল দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হয়। ২০১৩ চনৰ নিৰ্বাচনত কেজৰিৱালৰ দলটোৱে ৭০খন আসনৰ ভিতৰত ২৮খন আসন লাভ কৰি কংগ্ৰেছৰ সমৰ্থনত চৰকাৰ গঠন কৰিছিল যদিও মাত্ৰ ৪৯ দিনৰ ভিতৰতে তেওঁ পদৰ পৰা পদত্যাগ কৰিছিল।

ইয়াৰ লগে লগে তেওঁ আজিলৈকে আটাইতকৈ কম কাৰ্যকালৰ মুখ্যমন্ত্ৰীও হয় যদিও ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহৰ নিৰ্বাচনত ৬৭খন আসন লাভ কৰি পুনৰ মুখ্যমন্ত্ৰী হয়। ২০২০ চনত পৰৱৰ্তী নিৰ্বাচনত জয়লাভ কৰি এতিয়াও মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত আছিল যদিও এতিয়া পদৰ পৰা পদত্যাগ কৰিব। এতিয়া নিজৰ দলৰ আতিশীক দিল্লীৰ কমাণ্ড দিয়া হৈছে।

  • Related Posts

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    কালি নিশা নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ মহাকুম্ভত স্নানৰ বাবে প্ৰয়াগৰাজলৈ যাত্ৰাৰ বাবে কেইবা হাজাৰ যাত্ৰীয়ে ঠেলা-হেঁচা কৰাত তিনিটা শিশুসহ ১৮ জন লোক নিহত হয়। কুৰিগৰাকী লোক…

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…