কৌশিক ৰায়, ৰূপেশ গোৱালা, প্ৰশান্ত ফুকন, কৃষ্ণেন্দু পাল হ’ব মন্ত্ৰী

দিল্লীৰ পৰা উভতি আহিয়েই মন্ত্ৰীসভাত স্থান পাবলগীয়া তথা শপত ল’বলগীয়া বিধায়কৰ নাম ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ পূৰ্বে ঘোষিত তাৰিখ অনুসৰি ৭ ডিচেম্বৰত কোনকেইগৰাকী বিজেপি বিধায়কে মন্ত্ৰী হিচাপে শপত ল’ব সেয়া আজি সামাজিক মাধ্যমত পোষ্ট দি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ প্ৰায় এবছৰ পূৰ্বৰ পৰা জল্পনা-কল্পনা চলি আছিল যদিও আজি মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া চাৰি বিধায়কৰ নামত আজি মোহৰ লাগে৷ লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালক মন্ত্ৰীসভাত স্থান দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ দিল্লীৰ অনুমোদনৰ পিছতে চাৰিগৰাকী বিধায়কক মন্ত্ৰীসভাত স্থান দিয়াৰ ঘোষণা কৰা হৈছে৷ বৰাকৰ দুই বঙালী নেতাক মন্ত্ৰীসভাত স্থান দিয়া হৈছে৷ উজনিৰ দুজন বিধায়কক মন্ত্ৰীসভাত স্থান হৈছে৷ জাতি-জনগোষ্ঠীৰ সমীকৰণক অত্যাধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে৷ ইপিনে আজি চাহ জনগোষ্ঠীৰ আগশাৰীৰ নেতা সঞ্জয় কিষাণে আজি মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি দিল্লীলৈ ৰাওনা হৈছে৷ সঞ্জয় কিষাণক ৰাজ্যিক সভাপতি পদ দিব পাৰে বুলি বুঃ বাঃ আৰম্ভ হৈছে৷ চাহ-জনজাতি উন্নয়ন মন্ত্ৰী সঞ্জয় কিষাণৰ ঠাইত ডুমডুমাৰ বিজেপি বিধায়ক ৰূপেশ গোৱালাক মন্ত্ৰী কৰা হৈছে। মন্ত্ৰী সঞ্জয় কিষাণে পদত্যাগ কৰা বুলি খোদ বিবৃতি দিয়া নাই যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি কয় সেই মতেই চলিম বুলি কয় সঞ্জয় কিষাণে৷ সঞ্জয় কিষাণ হঠাৎ দিল্লী অভিমুখে উৰা মৰাত বিজেপিৰ ভিতৰচ’ৰাত ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ সঞ্জয় কিষাণে ৰাজ্যিক সভাপতি পদ দিয়া হ’ব নে অন্য কিবা কাৰণত পদত্যাগ কৰিছে বিজেপিয়ে আনুষ্ঠানিক বিবৃতি দিয়া নাই৷ কিন্তু সঞ্জয় কিষাণে দিল্লা উৰা মৰাৰ পিছতে চাৰি বিধায়কক মন্ত্ৰীসভাত স্থান দিয়াৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে৷ সঞ্জয় কিষাণ ঠাইত ৰূপেশ গোৱালাক মন্ত্ৰীত্ব দিয়া হয়৷ চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা সঞ্জয় কিষাণৰ ঠাইত বিজেপিৰ চাহ জনগোষ্ঠীৰ বিধায়ক ৰূপেশ গোৱালাক মন্ত্ৰিত্ব দিয়াৰ ঘোষণা কৰা হয়। পূৰ্বতে বৰাক উপত্যকাৰ পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালৰ নাম চৰ্চাত থকাৰ দৰেই মন্ত্ৰীসভাত স্থান দিয়া হৈছে৷ পাথাৰকান্দি সমষ্টিৰ পৰা ২০১৬ আৰু ২০২১ চনত দুবাৰকৈ বিধায়ক হৈছে কৃষ্ণেন্দু পাল৷ আনহাতে কৌশিক ৰায়ে ২০২১ চনত প্ৰথমবাৰলৈ লক্ষীপুৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈয়ে মন্ত্ৰীত্ব লাভ কৰিছে৷

  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে