
গুৱাহাটীত পুনৰ আন এগৰাকী যুৱতীৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে৷ গীতানগৰৰ মনালিছা পথত এগৰাকী যুৱতীৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে৷ আত্মহননৰ সন্দেহ কৰা হৈছে৷ মহানগৰীৰ গীতানগৰৰ মনালিছা পথৰ গৃহ নং ৫ ভাড়াতীয়া হিচাপে থকা জ্যোতিস্মিতা গগৈৰ মৃতদেহ উদ্ধাৰ হৈছে৷ ভাৰাঘৰৰ কোঠাত চিপ লোৱা অৱস্থাত জ্যোতিস্মিতা গগৈৰ মৃতদেহ উদ্ধাৰ হয়। জ্যোতিস্মিতা গগৈৰ ঘৰ লখিমপুৰত বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, ব্যক্তিগত কোম্পানীত কৰ্মৰত যুৱতীগৰাকীয়ে ভাড়াঘৰৰ পৰা ওলাই অহা নাছিল৷ দুৱাৰ-খিৰিকি বন্ধ হৈ থকাত পিছত চিপ লৈ থকা অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়৷ ঘটনাৰ খবৰ পোৱা মাত্ৰকে গীতানগৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পাৰ গৈছে৷ এইপৰ্যন্ত মৃত্যুৰ ৰহস্যৰ জানিব পৰা হোৱা নাই৷