
কামৰূপ মহানগৰ জিলা প্ৰশাসনে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এতিয়াৰ পৰা গুৱাহাটীৰ মুখ্য পথসমূহত ই-ৰিক্সা চলাব নোৱাৰিব৷ মুখ্য পথৰ সৈতে সংলগ্ন চ’কৰ পৰা দুটা এটা ভিতৰুৱা পথতহে ই-ৰিক্সা চলাব পাৰিব৷ আজি গুৱাহাটী মহানগৰ প্ৰশাসনে এক কঠোৰ নিৰ্দেশ দি এখন তালিকা প্ৰকাশ কৰিছে৷ এই তালিকাত যি কেইটা পথ নিৰ্দিষ্ট কৰি দিয়া হৈছে সেই কেইটা পথতহে ই-ৰিক্সা চলাব পাৰিব চালকসকলে৷ গুৱাহাটী ৰিফেনাৰী, দিগাৰু, সোণাপুৰ বজাৰ, পানীখাইটি, ক্ষেত্ৰী, পাঞ্জাবাৰী, ক্ষেত্ৰী, কইনাধাৰা, বশিষ্ট মন্দিৰ, গড়চুক, সাতমাইল, এয়াৰপৰ্ট, সাতমাইল, দক্ষিণগাঁও, হেঙেৰাবাৰী, লালমাটি, সিজুবাৰী, সাওকুচি, আদাবাৰী এলেকাৰ নিৰ্দিষ্ট কৰি দিয়া উপ-পথসমূহতহে ই-ৰিক্সাই যাত্ৰী লৈ চলাচল কৰিব পাৰিব৷ মহানগৰীৰ মুখ্য দ্বৈত পথত ই-ৰিক্সা চলাচল কৰিব নোৱাৰিব৷ জানিব পৰা মতে, যদি নিৰ্দিষ্ট কৰি দিয়া পথৰ বাহিৰে মুখ্য পথত ই-ৰিক্সা চলাচল কৰে তেন্তে গাড়ীখনেই জব্দ কৰা হ’ব পাৰে নতুবা জৰিমনা বিহা হ’ব৷ গুৱাহাটীৰ কেইবাটাও এলেকাত ব্যাপক যান-জঁটৰ কাৰণ ই-ৰিক্সা হৈ পৰা বুলি চৰ্চা হয়৷ লগতে বিভিন্ন সময়ত দুৰ্ঘটনা আৰু অনৈতিক কাণ্ডত ই-ৰিক্সা চালক জড়িত হৈ পৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷