ইটোৰ পাছত সিটো অঘটন সংঘটিত হৈ আহিছে ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত৷ বিশেষকৈ নাৰীজনিত অপৰাধ বৃদ্ধি হোৱাৰ সময়তে পুনৰ এগৰাকী অধ্যয়নৰত ছাত্ৰীৰ ৰহস্যজনক মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে৷ মহানগৰীৰ পানীখাইতিৰ এটা ব্যক্তিগত হোষ্টেলৰ বাথৰুমত চুবুৰীয়া ৰাজ্যৰ ছাত্ৰীৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ পোৱা গৈছে৷ পানীখাইতিত ব্যক্তিগত হোষ্টেলৰ বাথৰুমত দেওবাৰে নিশা ছাত্ৰীগৰাকীয়ে নিজকে শেষ কৰাৰ সন্দেহ কৰা হৈছে৷ বাথৰুমত মৃতদেহ উদ্ধাৰৰ পাছতে স্থানীয় আৰক্ষীক খবৰ দিয়ে হোষ্টেল কৰ্তৃপক্ষই৷ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে৷ ছাত্ৰীগৰাকীৰ ঘৰ আছিল মিজোৰামত৷ পানীখাইতিস্থিত প্ৰতীক্ষা নাৰ্ছিং ইনষ্টিটিউটৰ জিএমএমৰ দ্বিতীয় বর্ষত অধ্যায়ন কৰি আছিল। ছাত্ৰীগৰাকীয়ে চৰম সিদ্ধান্ত গ্ৰহণৰ কাৰণ বৰ্তমানেও ৰাজহুৱা হোৱা নাই।
আজি মহাঅষ্টমীঃ কোকৰাঝাৰত দেৱী দৰ্শন মুখ্যমন্ত্ৰীৰ…
ডিজিটেল ডেস্কঃ আজি মহাঅষ্টমী। সেই উপলক্ষে কোকৰাঝাৰৰ বিভিন্ন দুৰ্গা পূজাস্থলীত দেৱী দৰ্শনৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পুৱাই হেলিকপ্টাৰ যোগে কোকৰাঝাৰ গ্ৰীণ ফিল্ডত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০…