
ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত ৰাজ্য চৰকাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত মদৰ বিপণী বহুৱাবলৈ দিয়া অনুজ্ঞাপত্ৰ স্থগিত কৰিছে৷ ৰাজ্যবাসী তথা সুধীসমাজে মদৰ বিপণী বাতিল কৰাৰ দাবী উত্থাপন কৰিছিল যদিও আজি আবকাৰী মন্ত্ৰী অতুল বৰাই সামাজিক মাধ্যম যোগে অনুজ্ঞাপত্ৰ স্থগিত ৰখাৰ ঘোষণা কৰে৷ আজি অতুল বৰাই সামাজিক মাধ্যম যোগে এই কথা ঘোষণা কৰে৷ মন্ত্ৰী অতুল বৰাই কয় যে গুৱাহাটীৰ এখন প্ৰখ্যাত উচ্চ শিক্ষানুষ্ঠানৰ কিছু নাতিদূৰত আই এম এফ এলৰ ‘অন’ অনুজ্ঞাপত্ৰ প্ৰদানৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ বাতৰিসমূহ গুৰুত্বসহকাৰে লক্ষ্য কৰিছো৷ আবকাৰী বিভাগে বৰ্তমানৰ অসম আবকাৰী বিধি অনুসৰি অনুজ্ঞাপত্ৰখন প্ৰদান কৰিছিল যদিও বিষয়টোৰ সংবেদনশীলতাৰ প্ৰতি লক্ষ্য ৰাখি মই আবকাৰী বিভাগৰ আয়ুক্ত সচিব ৰাকেশ কুমাৰ আৰু আবকাৰী আয়ুক্ত জিতু দলেক পৰৱৰ্তী নিৰ্দেশ নোহোৱা পৰ্যন্ত অনুজ্ঞাপত্ৰখন স্থগিত ৰাখিবলৈ নিৰ্দেশ দিওঁ। আবকাৰী বিভাগে গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ পাণ্ডু-সাদিলাপাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ বাইপাছ সংলগ্ন এলেকাত থকা এম/এছ এঞ্জলে বাৰ কাম ৰেষ্টুৰেণ্টক বিদেশী মদ বিক্ৰীৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে৷