আজি ৰাইজৰ দলে ঘোলাঘাট জিলাত দলটোৰ সভাপতি অখিল গগৈৰ উপস্থিতিত কৰ্মীসভা অনুষ্ঠিত কৰে৷ পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰ্মী সভা অনুষ্ঠিত কৰি অহা ৰাইজৰ দলে গোলাঘাটত প্ৰথমবাৰ কৰ্মীসভা অনুষ্ঠিত কৰে৷ বিধানসভা নিৰ্বাচনত কিংমেকাৰ হোৱাৰ হুংকাৰ দি অহা অখিল গগৈৰ উপস্থিতিত অনুষ্ঠিত গোলাঘাটৰ কৰ্মীসভাত বহু সংখ্যক লোকে ৰাইজৰ দলত যোগদান কৰে৷ ৰাইজৰ দলে যাতে গোলাঘাট জিলাৰ ৫টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে তাৰ বাবে ৰাজনৈতিক আৰু সাংগঠনিক তৎপৰতা গোলাঘাট জিলাত আৰম্ভ কৰা বুলি কয় গগৈয়ে৷ গগৈয়ে কৰ্মী সভাৰ পৰা পুনৰ কংগ্ৰেছক নীতি শিক্ষা দিয়া পৰিলক্ষিত হয়৷ উপ-নিৰ্বাচনৰ পৰা কংগ্ৰেছক শিক্ষা লোৱাৰ আহ্বান জনাই পঞ্চায়ত নিৰ্বাচনত সকলো বিৰোধীক একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আহ্বান জনাইছে৷ পঞ্চায়ত নিৰ্বাচন যদি বিৰোধীয়ে একত্ৰিত হৈ খেলে তেন্তে ২০২৬ চনৰ বিধানসভাৰ পূৰ্বে তৃণমূল পৰ্যায়ত বিৰোধী ঐক্য মজবুত হোৱাৰ কথা উল্লেখ কৰিছে গগৈয়ে৷ লগতে বিজেপিক পৰাজিত কৰিব খোজা দলসমূহক এক হোৱাৰ আহ্বান জনাইছে গগৈয়ে৷ অসমৰ সকলো মহিলাকে অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰো দাবী জনায়৷ আজি গোলাঘাট জিলাত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বিশেষ ঘোষণা কৰিছে৷ অখিল গগৈয়ে পুনৰ শিৱসাগৰত নিৰ্বাচন খেলাৰ ঘোষণা কৰিছে৷ ২০২৬ত পুনৰ শিৱসাগৰত নিৰ্বাচন খেলাৰ ঘোষণা কৰে অখিল গগৈয়ে৷
সাংবাদিকক বিনাচৰ্তে মুক্তিৰ দাবী ভূপেন বৰাৰ
চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পৰিৱেশন কৰাৰ পিছত এজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। সংবাদ পৰিৱেশন কৰাৰ স্বাধীনতা সাংবাদিকৰ পূৰামাত্ৰাই…