গৌৰৱক ফকাচ নকৰিব, অখিল-লুৰীণ-ভূপেনক ফকাচ কৰক

৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছৰে পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীয়ুষ হাজৰিকা, জয়ন্তমল্ল বৰুৱাকে ধৰি বিভিন্ন নেতাই গৌৰৱ গগৈকহে টাৰ্গেট কৰি লোৱা দেখা গৈছে৷ সংবাদমাধ্যমেও গৌৰৱ গগৈক গুৰুত্ব দিয়া বুলি অভিযোগ আনিছে মুখ্যমন্ত্ৰীয়ে৷ ‘‘অসমৰ সংবাদমাধ্যমে কেৱল বিহালী সমষ্টিকহে গুৰুত্ব দিলে৷ আন চাৰিটা সমষ্টিত পক্ষপাতমূলক আচৰণ কৰিলে সংবাদমাধ্যমে৷ ৰাজ পুত্ৰই প্ৰচাৰ চলোৱাৰ বাবে সংবাদমাদ্যমে বিহালীক গুৰুত্ব দিলে৷’’ অসমৰ সংবাদমাধ্যমৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ আজি গুৱাহাটীত সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈক এনেদৰে আক্ৰমণৰ লক্ষ্য কৰি লয়৷ ২৩ নৱেম্বৰৰ নিশা মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভ আহি গৌৰৱ গগৈক সামন্তবাদী আৰু ৰাজ সন্তান বুলি কটুক্তি কৰিছিল৷ বিহালীৰ বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাল চাহ বাগিচাৰ এজন চকীদাৰৰ সন্তান আৰু চকীদাৰৰ সন্তানক হৰুৱাবৰ বাবে ৰাজ সন্তানে দুই-তিনি মাহ শিবিৰ কৰিলে বুলি আক্ৰমণ কৰাৰ লগতে কালি পুনৰ গৌৰৱ গগৈকে আক্ৰমণ কৰে৷ জনতা ভৱনত সংবাদমেল পাতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে বিৰোধীৰ আন নেতাক বিহালীৰ ধাবালৈ বিৰোধীক আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱাত সমালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ মানসিকতাক লৈ প্ৰশ্ন উত্থাপন কৰি অপমান কৰাৰো এটা লেভেল আছে বুলি কয়। ৰজাৰ পুতেকেহে এনে কথা ক’ব পাৰে বুলি কৈ কয় যে সাধাৰণ ঘৰৰ ল’ৰাই নোৱাৰে যে বিহালীৰ ধাবাত আহি পলিটিকেল ডিচকাচ কৰক। ৰজাৰ ল’ৰাই এইটো কথা ক’ব পাৰিব। ৰজাৰ মানসিকতা থকা লোকেহে এনে কথা ক’ব পাৰে। আমাৰতো এনে কথা জীৱনতো মুখেৰে নোলায়। ইপিনে সাংবাদিকক আকৌ এবাৰ নীতি শিক্ষা দি সাধাৰণ পৰিয়ালৰ নেতাবোৰক ফ’কাচ কৰাৰ আহ্বান জনায়৷ যি পাৰ্টীৰেই নহওক অখিল গগৈ, লুৰীণ গগৈ, ভূপেন বৰাক সাধাৰণ পৰিয়ালৰ পৰা অহা বুলি কৈ এওঁলোকক ফ’কাচ কৰক বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ ইপিনে মুখ্যমন্ত্ৰীয়ে নতুন বছৰৰ আৰম্ভণিতে ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অসমত এডভাণ্টেছ আসাম-২.০ অনুষ্ঠিত হোৱাৰ ঘোষণা কৰিছে৷ এডভাণ্টেছ আসাম মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উপস্থিত থাকিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। ভূটানৰ পৰা নামি অহা নৈত পানী ব্যৱহাৰ কৰিবলৈ চিন্তা-চৰ্চা কৰি, অসমৰ আন্তঃগাঁথনি, পথ পৰিবহণ, ৰে’লপথ, বিমান পৰিবহণক আলোচনা হ’ব বুলি দোহাৰে মুখ্যমন্ত্ৰীয়ে৷

  • Brahmaputra Times

    Related Posts

    দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…

    সাম্প্ৰতিক সময়ত সমগ্ৰ দেশজুৰি চৰ্চিত হোৱা এখন চলচ্চিত্ৰ ৷ ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত চলচ্চিত্ৰখনৰ প্ৰতি দৰ্শকে ব্যাপক সহাৰি আগবঢ়াইছে ৷অলপতে সংসদ ভৱনত এক বিশেষ প্ৰদৰ্শনীত বহুচৰ্চিত দ্য সাবৰমতী ৰিপ’ৰ্ট ছবিখন উপভোগ…

    অপেক্ষা ৭ ডিচেম্বৰলৈ!

    “অহা ৭ ডিচেম্বৰত দিনৰ ১২ বজাত অসম মন্ত্ৰীসভাৰ সৰু এটা সম্প্ৰসাৰণ হ’ব। সবিশেষ কাইলৈ বা পৰহিলৈ পাব । এজন হ’ব নে দুজন হ’ব দিল্লীত কথা পাতি সোনকালেই মই আপোনালোকক জনাম।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…

    দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…

    কোনো মতে ৰক্ষা পৰিল সুখবীৰ সিং বাদল…

    কোনো মতে ৰক্ষা পৰিল সুখবীৰ সিং বাদল…

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ