গৌৰৱৰ পক্ষত থিয় দি হিমন্ত বিশ্ব শৰ্মাৰ ৰোষত ৰিপুন বৰা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ৰোষত পৰিছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুন বৰা। যোৰহাটৰ সাংসদ তথা সদ্য নিযুক্ত কংগ্ৰেছ প্ৰদেশ সভাপতিগৌৰৱ গগৈৰ হৈ সদায় সোচ্চাৰ থকা এই জ্যেষ্ঠ নেতাগৰাকীৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ আগবাঢ়িছে চৰকাৰ।

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ কথিত পাকিস্তান সংযোগ সন্দর্ভত তেওঁ সংবাদমেলত প্ৰতিবাদী স্বৰত মাত মাতিছিল। সংবাদমেলত গগৈৰ পত্নীয়ে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লোৱাৰ কথা উল্লেখ কৰাৰ পাছতেই মুখ্যমন্ত্ৰীৰ বিশেষ সতর্কতা কোষে ৰিপুন বৰাক সমন জাৰি কৰিছে। অসম CID-ৰ গোচৰ নম্বৰ ৫/২৫-ৰ তদন্তৰ অংশ হিচাপে তেওঁক কাইলৈ পুৱা ১১ বজাত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

খবৰ অনুসৰি, মুখ্যমন্ত্ৰীৰ সতর্কতা কোষে গৌৰৱ গগৈৰ সৈতে ইসলামাবাদৰ আলি তৌকীৰ শ্বেখ নামৰ এজন ব্যক্তিৰ কথিত সম্পৰ্ক সন্দর্ভত তদন্ত চলাই আছে। এতিয়া সেই তদন্তৰ পৰিসৰ বিস্তাৰিত কৰি ৰিপুন বৰাৰ বক্তব্য আৰু সম্ভাৱ্য জ্ঞানৰ বিষয়ে তথ্য সংগ্ৰহৰ উদ্দেশ্যে তেওঁক জিজ্ঞাসাবাদ কৰা হ’ব।

এই সন্দৰ্ভত পত্ৰ লাভ কৰাৰ পাছত ৰিপুন বৰাই সংবাদ মাধ্যমক জনাইছে, “মই মুখ্যমন্ত্ৰীৰ সতর্কতা কোষৰ পৰা নোটিচ পাইছো। মোক কাইলৈ হাজিৰ হ’বলৈ কোৱা হৈছে। অভিযোগত কোৱা হৈছে যে গৌৰৱ গগৈৰ ইসলামাবাদৰ আলি তৌকীৰ শ্বেখ নামৰ এজন ব্যক্তিৰ সৈতে সম্পৰ্ক আছে, আৰু মই সেই বিষয়ে অবগত নে নহয় তাক লৈ প্ৰশ্ন কৰা হ’ব।”

তাৰোপৰি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ আগৰ মন্তব্যবোৰ বিকৃত ৰূপত জনসাধাৰণৰ আগত উপস্থাপন কৰাৰ অভিযোগো তুলিছে ৰিপুন বৰাই। তেওঁ কয়, “মই সংবাদমেলত যি বক্তব্য দিছিলোঁ, সেয়া সম্পূৰ্ণৰূপে ফেচবুকত উপলব্ধ। মুখ্যমন্ত্ৰীয়ে মোৰ কথাবোৰ বিকৃত কৰি জনসাধাৰণৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিছে।

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ