
যোৰহাটৰ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথৰ সম্পাদিত ফটো লৈ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাত কংগ্ৰেছ দলে আজি নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছে। বিষয়টো লৈ অসমৰ ৰাজনৈতিক পুনৰবাৰ গৰম হৈছে।
সম্প্ৰতি ভাইৰেল হোৱা ফটোখনত সাংসদ গগৈ আৰু তেওঁৰ পত্নী পাকিস্তানৰ কোনোবা গেটৰ আগত থিয় হৈ থকা বুলি প্ৰচাৰ কৰা হৈছে। ফটোখন সম্পাদনা কৰি পাকিস্তানৰ জন্মদাতা মহম্মদ আলী জিন্নাৰ ফটো থকা এখন গেটৰ ছবি লগোৱা হৈছে। এই প্ৰচাৰৰ জৰিয়তে জনসাধাৰণৰ মাজত সাংসদগৰাকীৰ বিষয়ে বিভ্ৰান্তি সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছে বুলি কংগ্ৰেছৰ অভিযোগ।
কংগ্ৰেছৰ দাবী অনুসৰি, সম্পাদিত ফটোখন সম্পূৰ্ণভাৱে ভুৱা, যাৰ মূল ছবি তোলা হৈছিল ২০১৯ চনৰ ১৭ জুন তাৰিখে সংসদ অধিবেশনৰ সময়ত দিল্লীৰ সংসদ ভবনৰ চৌহদত। এই সম্পাদিত ফটোখন চাই বহু নেটিজেনেও ঠাট্টা-বিদ্ৰূপে মন্তব্য কৰিছে। এজন ব্যৱহাৰকাৰীয়ে কৈছে, “যদি এডিট কৰিবই লাগিছিল, তেন্তে অলপ ভালকৈ কৰি দিলেহেঁতেন!”
প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে এই সম্পৰ্কে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিধায়ক দিগন্ত কলিতাৰ ইন্ধনত এই অপপ্ৰচাৰৰ সূত্ৰপাত হৈছে। তেওঁ যোৱা ২৮ এপ্ৰিলত সামাজিক মাধ্যমত সাংসদগৰাকীৰ পাকিস্তান ভ্ৰমণৰ মিছা বিবৰণ দিয়াৰ পাছতে সেই পোষ্ট মচিবলগীয়া হৈছিল। এতিয়া পুনৰ মিছা ফটো এডিট কৰি বিভ্ৰান্তি সৃষ্টি কৰা হৈছে।”
কংগ্ৰেছৰ মুখপাত্ৰ ৰূপা কলিতাই কয়, “এইটো বিজেপি আইটি চেলৰ সম্পাদনাৰ ক্লাছিক উদাহৰণ। হেৰৌ, কৰিছিলি, ভালকৈ নকৰিলি কিয়! অন্তত মানুহে বিশ্বাস কৰিব পৰাকৈ?”
দলে ইতিমধ্যে এই ঘটনাৰ আইনী দিশ পৰ্যালোচনা কৰি আছে আৰু আগন্তুক দিনত দোষীসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হ’ব বুলি কংগ্ৰেছৰ নেতাসকলে উল্লেখ কৰে।