
কালি অনুষ্ঠিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটে গৌৰৱ গগৈ আৰু পত্নীৰ বিৰুদ্ধে এছআইটি গঠন কৰিবলৈ সাহস নকৰিলে যদিও পাকিস্তানৰ আলী তৌকীৰ শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ অনুমতি দিয়ে৷ কেবিনেটৰ অনুমোদন মৰ্মে অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান হৰমিৎ সিঙে গোচৰ ৰুজু কৰিছে৷ গোচৰৰ তদন্ত কৰিব অপৰাধ অনুসন্ধান শাখাই। পাকিস্তানৰ আলী তৌকীৰ শ্বেখৰ বিৰুদ্ধে ৰুজু গোচৰৰ তদন্ত কৰিবলৈ আৰক্ষী বিষয়া মুন্নাপ্ৰসাদ গুপ্তাৰ অধ্যক্ষতাত প্ৰণৱজ্যোতি গোস্বামী, ৰজী কলিতা, মৈত্ৰেয়ী ডেকাক সদস্য হিচাপে লৈ চিআইডিৰ দল গঠন কৰে অসম আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিঙে৷ দলটোৱে গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ আইএছআইৰ সম্পৰ্কক লৈ তদন্ত কৰিব। চিআইডিৰ ০৫/২০২৫ নম্বৰত অধীনত ন্যায় সংহিতাৰ ৪৮, ১৫২, ৬১, ১৯৭,(১), ১৩(১) ধাৰাত গোচৰ ৰুজু হয়। ধাৰাসমূহ বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰা। পাকিস্তানী আলী তৌকীৰ শ্বেখৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে যদিও গোচৰৰ তদন্তই সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ সম্পৰ্কক কি সেয়া তদন্ত কৰিব।