
ৰাজ্যত বিগত কেইবাদিন ধৰি নাই বৃষ্টিপাত৷ পথাৰ শুকাই গৈছে৷ অত্যাধিক গ্ৰীষ্ম প্ৰৱাহে অসহ্য পৰিস্থিতিৰ সৃষ্টি কৰিছে। তাৰ মাজতে উজনি অসমৰ যোৰহাট জিলাৰ পৰা আহিছে এটা বেদনাদায়ক খবৰ৷ যোৰহাট জিলাৰ অসহ্য গৰমত দুজনকৈ লোকৰ প্ৰাণ যোৱাৰ খবৰ পোৱা গৈছে৷ যোৰহাট নগৰত গৰমৰ বাবে দুগৰাকী লোকে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে৷
আজিৰ দিনটোত যোৰহাট নগৰৰ পদপথত দুটাকৈ মৃতদেহ উদ্ধাৰ হৈছে৷ দুয়োগৰাকী লোকে গৰমৰ বাবে মৃত্যুক আকোৱালি লোৱা বুলি সন্দেহ কৰা হৈছে৷ যোৰহাট নগৰৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান প্ৰিন্স অৱ ৱেলছৰ সন্মুখৰ পদপথত এটা আৰু জি.কে পেলেচ হোটেলৰ সন্মুখৰ পদপথত আন এটা মৃতেদহ উদ্ধাৰ হয়৷ নগৰখনৰ মাজমজিয়াৰ পদপথত দুজন লোকৰ মৃত্যু হয়। দুয়োগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা কৰিছে। মৃত এজন লোক অঘৰী বুলি জানিব পৰা গৈছে। নগৰখনত ভিক্ষা মাগি জীৱন নিৰ্বাহ কৰিছিল। মৃত আন এজন লোক মুৰমুৰীয়া চাহ বাগিচাৰ বুলি জানিব পৰা গৈছে। মৃত দুয়োগৰাকী লোকৰ পৰিচয় উদ্ধাৰ কৰিব পৰা নাই প্ৰশাসনে। সোমবাৰৰ দিনটোত যোৰহাট জিলাত ৩৯ ডিগ্ৰী চেলচিয়াছ স্পৰ্শ কৰে তাপমাত্ৰাই৷