চন্দন মালাকাৰ, প্ৰগ্যাজিতৰ ভয়ংকৰ কাণ্ড, পাক পতাকাসহ পাকিস্তান জিন্দাবাদ লিখা সনাতনী মঞ্চৰ নেতাক গ্ৰেপ্তাৰ

উত্তৰ ২৪ পৰগণা, ১ মেঃ পশ্চিমবংগৰ উত্তৰ ২৪ পৰগণাৰ বঙাইচিলত হিন্দুস্তান মুৰ্দাবাদ, পাকিস্তান জিন্দাবাদ লিখা আৰু পাকিস্তানৰ পতাকা লগোৱা দুই সনাতনী একতা মঞ্চৰ দুই নেতাক গ্ৰেপ্তাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আকাইপুৰ ৰেল ষ্টেচনত পাকিস্তানৰ পতাকাৰ ছবি আৰু হিন্দুস্তান মুৰ্দাবাদ লিখা ঘটনাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হোৱাৰ সময়তে পশ্চিমবঙ্গ আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। ঘটনাটো সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰাৰ উদ্দেশ্যেৰে কৰা হৈছিল বুলি আৰক্ষীয়ে মন্তব্য কৰিছে। গ্ৰেপ্তাৰ কৰা ব্যক্তি দুজন হৈছে চন্দন মালাকাৰ (৩০) আৰু প্ৰগ্যাজিত মণ্ডল (৪৫)। দুয়োকে বঙাইচিল অঞ্চলৰ বাসিন্দা বুলি পৰিচয় উদ্ধাৰ কৰা হৈছে৷ তেওঁলোকে এটা ৰাজনৈতিক দলে সক্ৰিয় সদস্য হোৱাৰ লগতে সনাতনী একতা মঞ্চ নামৰ এক সংগঠনৰ সৈতে জড়িত আছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জানিবলৈ দিছে যে, দুয়ো অভিযুক্তই আকাইপুৰ ৰেল ষ্টেচনৰ এটা শৌচালয়ত পাকিস্তানৰ পতাকাৰ ছবি লগাই হিন্দুস্তান মুৰ্দাবাদ আৰু পাকিস্তান জিন্দাবাদ বুলি লিখিছিল। তেওঁলোকৰ উদ্দেশ্য আছিল সমাজত সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰি আন এটা সম্প্ৰদায়ৰ ওপৰত দোষ আৰোপ কৰা। ঘটনাটোৰ সময়মতে তদন্ত কৰি আৰক্ষীয়ে তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত সম্ভাৱ্য সাম্প্ৰদায়িক উত্তেজনা ৰোধ কৰিব পাৰিছে। বঙাইচিল আৰক্ষীয়ে টুইটাৰ কৰা এখন পোষ্টত কয় যে এই ষড়যন্ত্ৰৰে সাম্প্ৰদায়িক অশান্তি সৃষ্টি কৰাৰ প্ৰয়াসৰ সৈতে জড়িত সকলোকে কঠোৰভাবে শাস্তি দিয়াৰ বাবে কোনো আপচ নকৰা হ’ব। উল্লেখযোগ্য যে, ২২ এপ্ৰিলত কাশ্মীৰৰ পাহেলগামত হোৱা এক জংঘীয়াৰ আক্ৰমণত ২৬ জন, যাৰ ভিতৰত ২৫ জন পৰ্যটক, নিহত হৈছিল। এই ঘটনাৰ পাছত দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া পৰিলক্ষিত হয়। এই পৰিপ্ৰেক্ষিতত পশ্চিমবঙ্গৰ শাসক দল তৃণমূল কংগ্ৰেছে সতৰ্কবাণী জাৰি কৰি কয় যে কোনো গোটে কাশ্মীৰ আক্ৰমণক বাহনা কৰি আইন-শৃংখলা ভংগ কৰাৰ বা হিংসা উচটনি দিয়াৰ যিকোনো চেষ্টা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷

  • Related Posts

    গোমাংসক লৈ সুৰ সলনি, হাচিলা বিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা আৰু ধুবুৰী জিলাৰ দৌৰা কৰি উচ্ছেদ অভিযানৰ পৰিস্থিতি পৰ্যালোচনা কৰে। পুৱা গোৱালপাৰাৰ হাচিলা বিলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰোনৰ সহায়ত এলেকা পৰিদৰ্শন কৰে আৰু…

    চাহ জনগোষ্ঠী-আদিবাসীক বছৰৰ পিছত বছৰ ধৰি বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ ৰ’জনীলা তিৰ্কীৰ

    ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক বিজেপি দল আৰু চৰকাৰে চৰম প্ৰতাৰণা কৰা বুলি আজি তথ্যসমৃদ্ধ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কীয়ে। গুৱাহাটীৰ ৰাজীৱ ভৱনত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ