চাঞ্চল্যকৰ! প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবেই ১১ বছৰীয়া কিশোৰীক দাৰে আক্ৰমণ যুৱকৰ

জাজৰিঃ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবেই দাৰে আক্ৰমণ এগৰাকী কিশোৰীক। এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত কাকমাৰিত। সোমবাৰে পুৱা এগৰাকী ১১ বছৰীয়া কিশোৰীক ঘৰলৈ ফুচুলাই নি দাৰে আক্ৰমণ কৰে বিমানজ্যোতি বৰা (২২) নামৰ এজন যুৱকে।

ইফালে এই ঘটনা সংঘটিত হোৱাৰ সময়ত কিশোৰীগৰাকীৰ চিঞৰ বাখৰ শুনি স্থানীয় একাংশ লোক পাষণ্ড যুৱকজনৰ ঘৰত উপস্থিত হোৱাত ঘটনাস্থলীৰ পৰা পলায়ন কৰে আক্ৰমণকাৰী বিমানজ্যোতি। পৰৱৰ্তী সময়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা কিশোৰীগৰাকীক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱায় স্থানীয় ৰাইজে।

সম্প্ৰতি কিশোৰী গৰাকী নগাঁও মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে। এই ঘটনাৰ পিছত অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰিছে। ইতিমধ্যে পলাতক যুৱক জনক আৰক্ষীয়ে মৰিগাঁও জিলাৰ জালুগুটি অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তথ্য আহৰণৰ বাবে অপৰাধ সংঘটিত কৰা যুৱক জনক জাজৰি আৰক্ষী থানাত জেৰা অব্যাহত অব্যাহত ৰাখিছে।

জানিব পৰা মতে, প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই কিশোৰীগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল যুৱকজনে। সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

  • Related Posts

    ৯ লাখৰো অধিক ভক্তৰ সমাগম, নিজম পৰিল নীলাচল

    বিশ্বৰ ৫১ খন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ দিনা বিয়লি ২ বাজি ৫৬ মিনিটত কামাখ্যা দেৱালয়ৰ পৰম্পৰা অনুসৰি প্ৰবৃত্তিৰে আৰম্ভ হোৱা পাঁচদিনীয়া অম্বুবাচী মহাযোগৰ বৃহস্পতিবাৰে পুৱতি নিশা ৩…

    ৫০ লাখ টকাৰ ৰাজসাহায্য কেলেংকাৰীত উত্তাল ৰাজনীতি

    জয়ন্তমল্ল বৰুৱাক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ তীব্ৰ আক্ৰমণ | দিলীপ শইকীয়াৰ কঠোৰ মন্তব্য – “নিজৰ ক্ষেত্ৰত কঠোৰ হওক” | কামাখ্যাত গৈ ক্ষমা খুজি ৫০ লাখ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ ৰাজ্যৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ