চানমাৰীত পাইপ ফুটি হাহাকাৰ, ভাঙি গ’ল জলমগ্ন পথ, যাতায়ত স্তদ্ধ

গেমনে গুৱাহাটীবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে বহুওৱা পানীৰ পাইপ এতিয়া যেতিয়াই তেতিয়াই য’তে ত’তে ফুটে৷ মাহেকে, পষেকে গুৱাহাটীত গেমনে বহুওৱা পানীৰ পাইপ ফুটি মানুহৰ জীৱন-সম্পত্তিৰ ক্ষতি হৈ আহিছে৷ পুনৰ পাইপ ফুটি হাহাকাৰ লাগিছে গুৱাহাটীৰ এটা এলেকাত৷ আজি নিশা মহানগৰীৰ চানমাৰিত হঠাতে পানীৰ পাইপ ফাটি প্ৰচণ্ড গতিত পানী ওলাবলৈ ধৰাত হাহাকাৰ লাগে৷ পথৰ দাঁতিত পানীৰ পাইপ ফাটি দীৰ্ঘ সময় আহ-যাহত সমস্যাৰ সৃষ্টি হয়৷ জানিব পৰা মতে, চানমাৰিৰ ‘ষ্ট্ৰিট জা’ নামৰ জনপ্ৰিয় ফাষ্ট ফুড ষ্টলটোৰ ওচৰত থকা ইউ-টাৰ্ণৰ তলেৰে যোৱা গেমনৰ পানী যোগান আঁচনিৰ পাইপ ফুটি জলামগ্ন হৈ পৰে সমগ্ৰ এলেকা৷ প্ৰায় দুঘণ্টা ধৰি অহৰহ পানী ওলাই থকাত পথ পানীৰে ভৰি পৰাত অঞ্চলটোত ভয়ংকৰ যান-জট লাগে। পানী ফুটি যোৱাৰ ফলত পথ ভাঙি গৈছে। পথ ভাঙি যোৱাৰ বাবে গাড়ী চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। যাতায়তৰ বাবে মূল পথখন বন্ধ কৰি দিয়া হৈছে৷ যাতে অঘটন সংঘটিত নহয়। স্থানীয় ৰাইজে কয় যে দুঘণ্টাৰ পিছতো প্ৰশাসনৰ লোক এই পৰ্যন্ত উপস্থিত হোৱা নাই৷ ক্ষোভ প্ৰকাশ কৰি ৰাইজে দাবী জনাইছে যাতে শীঘ্ৰে পথ মেৰামতি, পানী যোগান পুনঃস্থাপন আৰু যান-চলাচল স্বাভাৱিক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। উল্লেখ্যৰ দৰকাৰ যে পাইপ ফুটি গুৱাহাটীত এতিয়া হাহাকাৰ যেতিয়াই তেতিয়াই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ ২৩ ফেব্ৰুৱাৰীত মহানগৰীৰ বৰবাৰীত, ২৭ ফেব্ৰুৱাৰীত মালিগাঁৱৰ পাণ্ডুত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ তাৰ পূৰ্বে ২ জানুৱাৰীত গুৱাহাটীৰ খাৰঘূলিত পানীৰ পাইপ ফুটি হাহাকাৰ লাগিছিল৷ ফলত বৃহৎ ক্ষতিসাধন হৈছিল৷ বিগত দুটা বছৰত গুৱাহাটীত বাৰে বাৰে পানীৰ ফাইপ ফুটি আতংকৰ সৃষ্টি কৰি আহিছে৷ কিন্তু চৰকাৰে এই দুৰ্ঘটনা ৰোধ কৰিবলৈ কোনো ব্যৱস্থা লোৱা নাই বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ কিন্তু চলিত বাজেট বিধানসভাৰ বাজেট অধিৱেশনত ১৯ ফেব্ৰুৱাৰীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী বৰুৱাই গুৱাহাটীৰ পানীৰ পাইপ ফুটা বিষয়টোক লৈ উত্তৰ দি কয় যে গুৱাহাটী আইআইটিৰ পৰামৰ্শ মতে, ট্ৰেন্সমিচন লাইনত ৰ’বটিক চাৰ্ভে পৰ্যন্ত কৰিছো৷ ক’ত ক’ত পানীৰ পাইপৰ জইনত খেলিমেলি আছে, ক’ত লিকেজ হ’ব পাৰে জইনিং হোল বিলাকত ৱেল্ডিং কম আছিল ৰিপৰ্ট সাজু হৈছে৷ তেনে জইন ১২টা ধৰা পৰা বুলি কয়৷ উইক থকাখিনিত ৰিপিয়েৰিং কৰিব দিছো বুলিও কয় মন্ত্ৰী বৰুৱাই৷ ৰাজ্য চৰকাৰ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, গেমন আৰু গুৱাহাটী জলবৰ্ডৰ গাফিলতিৰ বাবে বাৰে বাৰে পানীৰ পাইপ ফাটি ধন-জনৰ ক্ষতি হৈ আহিছে৷

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ