
ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত ব্যস্ত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চামগুৰিৰ গুলীচালনা কাণ্ডক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছক আক্ৰমণ কৰা পৰিলক্ষিত হৈছে৷ ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি চিন্তাজনক হৈ উঠাৰ সময়তে কালি নিশা চামগুৰিত সংঘটিত গুলীচালনা কৰাত ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷ অভিযোগ মতে, বিধায়ক জিতু গোস্বামীয়ে পদযাত্ৰা কৰি গৈ থকাৰ সময়ত কংগ্ৰেছৰ সমৰ্থকে শিলগুটি দলিওৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত দুষ্কৃতিকাৰীয়ে গুলীবৰ্ষণ কৰে৷ দুয়োপক্ষৰ কেবাজনো লোক হতাহত হৈছে। বিজেপিৰ অভিযোগ মতে, কংগ্ৰেছৰ দ্বাৰা সংঘটিত হৈছে গুলীচালনা। গুলীত আহত কংগ্ৰেছ কৰ্মী ইদ্ৰিছ আলীয়ে জিতু গোস্বামীৰ সমৰ্থকে গুলী চলোৱা বুলি অভিযোগ আনে৷ গুলীচালনাৰ ঘটনাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি গৰিহণা দিছে৷ মুখ্যমন্ত্ৰীয়ে কয় ‘‘মাননীয় বিধায়ক শ্ৰীজিতু গোস্বামী ডাঙৰীয়াক চামগুৰিত কংগ্ৰেছৰ সমৰ্থকে কৰা আক্ৰমণক তীব্ৰ গৰিহণা দিছো। এই একেই কংগ্ৰেছে সংবিধান সুৰক্ষা তথা সংবিধানক গৌৰৱেৰে মানি চলাটো দেখুৱায়৷ অথচ তেওঁলোকে আমাৰ কাৰ্যকৰ্তাসকলক আন্ধাৰৰ সুযোগ লৈ আক্ৰমণ কৰি হিংসাৰ আশ্ৰয় লৈছে আৰু সংবিধান উলংঘা কৰিছে৷ প্ৰকৃত প্ৰশ্নটো হ’ল, এই উপ-নিৰ্বাচনতে কংগ্ৰেছে ইমান ভয় খাইছে কিয়? আচলতে কেৱল পৰাজয়ৰ ভয়েই নহয়, তেওঁলোকৰ যিটো ভোটৰ মূল বেংক, সেই ভোটবেংক ধৰি ৰখাৰ বাবেই তেওঁলোক এনে চৰম পৰ্যায়লৈ গৈছে। আমি ন্যায় পাব লাগিব আৰু আমি কাকো আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক ভেঙুচালি বা ক্ষতিগ্ৰস্ত কৰিবলৈ নিদিও৷’’