

নিৰ্বাচনী বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি বদলি কৰা ঠাইত যোগদান নকৰাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন কৰা চাৰি এচিএছ বিষয়াক পুনৰ চাকৰিত মকৰল কৰা হৈছে৷ ছয়মাহ পিছত চাকৰি যোগদান কৰিব চাৰি এচিএছ বিষয়াই৷ নিলম্বনৰ পিছতে নিজৰ স্থিতি স্পষ্ট কৰিছিল সংশ্লিষ্ট কৰ্তৃপক্ষক৷ বিভাগীয় শুনানিৰ অন্তত বিষয়া কেইজনক পুনৰ চাকৰিত যোগদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ এচিএছ কাব্যশ্ৰী দিহিঙীয়া, কংকনজ্যোতি শইকীয়া, জিণ্টু শৰ্মা, পৰিস্মীতা দিহিঙীয়াক বিগত বৰ্ষৰ নৱেম্বৰ মাহত নিৰ্বাচনী বিভাগৰ নিৰ্দেশ উলংঘা কৰাৰ অভিযোগত বিষয়াক নিলম্বন কৰিছিল। বদলিৰ নিৰ্দেশ দিয়াৰ পাছতো নতুনকৈ বদলি কৰা কাৰ্যালয়ত যোগদান কৰা নাছিল। বিগত ২৫ ছেপ্টেম্বৰত জোনাইৰ সহকাৰী আয়ুক্ত জিণ্টু শৰ্মাক মাজুলীৰ নিৰ্বাচনী বিষয়া হিচাপে বদলি কৰা হৈছিল৷ কিন্তু শৰ্মাই মাজুলীত যোগদান কৰা নাছিল৷ জিণ্টু শৰ্মাই মুখ্য নিৰ্বাচনী বিষয়ালৈ পত্র প্ৰেৰণ কৰি ব্যক্তিগত কাৰণক মাজুলীত যোগদান কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰাৰ লগতে গুৱাহাটীৰ সমীপত স্থানান্তৰ কৰাৰ বাবে অনুৰোধ জনাইছিল। তিনিচুকীয়াৰ নিৰ্বাচনী বিষয়া কংকনজ্যোতি শইকীয়াক ২৫ ছেপ্টেম্বৰত বৰপেটাৰ নিৰ্বাচনী বিষয়া হিচাপে বদলি কৰা হৈছিল। শইকীয়াই বৰপেটাৰ নিৰ্বাচনী বিষয়া হিচাপে দায়িত্ব চম্ভালি লোৱাৰ বিপৰীতে নিৰ্বাচনী বিভাগৰ পৰা মুকলি কৰি দিয়াৰ অনুৰোধ জনাই পত্ৰ লিখে। বোকাখাতৰ নিৰ্বাচনী বিষয়া পৰিস্মিতা দিহিঙীয়াক শিৱসাগৰৰ নিৰ্বাচনী বিষয়া হিচাপে বদলি কৰা হৈছিল। দিহিঙীয়াই বদলি কৰা ঠাইত যোগদান নকৰি নিৰ্বাচী বিভাগৰ পৰা মুকলি কৰি দিয়াৰ বাবে অনুৰোধ জনাইছিল। বাক্সাৰ নিৰ্বাচনী বিষয়া কাব্যশ্ৰী দিহিঙীয়াক ডিমা হাচাওৰ নিৰ্বাচনী বিষয়া হিচাপে বদলি কৰা হৈছিল। কাব্যশ্ৰী দিহিঙীয়াই বদলিৰ কৰা ঠাইত যোগদান কৰা নাছিল। পৰ্বতঝোৰাৰ সহকাৰী আয়ুক্ত সৰোজ কুমাৰ ডেকাক বদলিৰ নিৰ্দেশ দিয়া হৈছিল যদিও বদলি কৰাত কাৰ্যালয়ত যোগদান কৰা নাছিল৷ আটাইকেইজন বিষয়াই বিভাগীয় নিৰ্দেশনা উলংঘা কৰাত সংশ্লিষ্ট কৰ্তৃপক্ষই চাকৰিৰ পৰা নিলম্বন কৰিছিল৷