জনতাৰ মাজলৈ নিব আৰক্ষীক, হোৱাটছএপ নম্বৰ, ই-মেইল আইডি প্ৰকাশ ডিজিপিৰ

জ্যেষ্ঠ আইপিএছ হৰমিৎ সিঙে অসম আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব লৈয়ে সক্ৰিয় হৈছে৷ আইন শৃংখলা পৰিস্থিতি অধিক উন্নত কৰিবলৈ কিছু ব্যৱস্থা গ্ৰহণ কৰিছে সিঙে৷ ২৯ জানুৱাৰীত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হৰমিত সিঙে আৰক্ষী বিভাগটোত অধিক শক্তিশালী কৰিবলৈ পণ লৈছে৷ অসম আৰক্ষীক ৰাইজৰ বন্ধুৰ কৰাৰ লগতে জনসাধাৰণৰ ওচৰ চপাই নিবলৈ কিছু পদক্ষেপ গ্ৰহণ কৰিছে৷ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সাধাৰণ লোকৰ অভিযোগ, সমস্যাৰ বুজ ল’বলৈ বা সাক্ষাৎ পাবলৈ মুকলি কৰিছে বিভিন্ন যোগাযোগৰ মাধ্যম৷ মোবাইল নম্বৰ, হোৱাটছএপ নম্বৰ, ই-মেইল আইডি ৰাজহুৱা কৰিছে৷ 6026903488 হোৱাটছএপ নম্বৰ, dgpassam.appointment@gmail.com ই-মেইল আই ডি প্ৰকাশ কৰিছে৷ অসম আৰক্ষীয়ে জাৰি বিবৃতি মতে, আপুনি যদি আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিঙক সাক্ষাৎ কৰিব বিচাৰ তেন্তে হোৱাটছএপ নম্বৰ 6026903488 বা ই-মেইল আই ডি dgpassam.appointment@gmail.com লৈ বার্তা প্ৰেৰণ কৰক।

  • Related Posts

    দুই অভিযুক্তক গ্ৰেপ্তাৰ, গুৱাহাটীৰ নৃশংস সঞ্জীৱ নাথ হত্যাকাণ্ড

    ১৯ জানুৱাৰীৰ নিশা প্ৰথমে পল্টনবজাৰৰ এটা এপাৰ্টমেণ্টত, তাৰ পিছত বিলপাৰলৈ নি দুই বন্ধুৱে হত্যাৰ প্ৰয়াস কৰি বৰ্বৰভাৱে প্ৰহাৰৰ বলি হৈ ৫টা দিন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থাকি ২১ জানুৱাৰীত…

    ৰিলায়েন্স কাম্পা পানীয়ৰ বটলিং প্ৰতিষ্ঠান মুকলি হিমন্ত বিশ্ব শৰ্মাৰ

    আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত ৰিলায়েন্স কনজ্যুমাৰ প্ৰডাক্টছ লিমিটেড (আৰচিপিএল)-ৰ কাম্পা পানীয়ৰ নতুন বটলিং প্ৰতিষ্ঠানৰ উদ্বোধন কৰে। উত্তৰ গুৱাহাটীত আজি মুখ্যমন্ত্ৰীয়ে শীতল পানীয়ৰ উদ্যোগটোৰ বটলিং প্ৰতিষ্ঠান মুকলি কৰে৷…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…