জম্মু-কাশ্মীৰত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ: ভূমিস্খলন-বানত ৫ জনৰ মৃত্যু

প্ৰকৃতিৰ অসহনীয় কোপদৃষ্টিত বিপৰ্যস্ত হৈছে জম্মু-কাশ্মীৰৰ ৰামবান আৰু ৰিয়াচি জিলা। গতকেইদিনধৰি অবিৰত বৰষুণ, শিলাবৃষ্টি, ধুমুহা আৰু বজ্ৰপাতৰ পৰৱৰ্তী সময়ত হোৱা ভূমিস্খলন আৰু আকস্মিক বানপানীত ইতিমধ্যে ৫ গৰাকীৰ মৃত্যু হৈছে। দুৰ্যোগৰ ফলত শ শ নাগৰিক ঘৰ আৰু ৰাস্তাত আৱদ্ধ হৈ পৰিছে, বহু এলেকাৰ যোগাযোগ ব্যবস্থাও বিচ্ছিন্ন হৈছে।

প্ৰথমে ৰামবান আৰু ৰিয়াচি জিলাত তীব্ৰ শিলাবৃষ্টি আৰু ধুমুহাৰে আৰম্ভ হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ধাৰাবাহিকতাত পাহাৰীয়া ঢল নামি আহে। ৰামবানৰ চেৰী বাগনা গাঁৱত ডাৱৰ বিস্ফোৰণৰ পিছত হোৱা ভূমিস্খলনত আকিব আহমেদ আৰু মহম্মদ চাকিব নামৰ দুগৰাকী ভাতৃ নিহত হয়। আনহাতে, ৰিয়াচি জিলাৰ আনৰাছ অঞ্চলত বজ্ৰপাতৰ ফলত এগৰাকী মহিলাসহ দুগৰাকীৰ মৃত্যু হয়। ৰামবানৰ ধৰমকুণ্ড অঞ্চলত আকস্মিক বানপানীৰ ফলত বহু ঘৰ-দুৱাৰ উটি যায়, যাৰ ফলত অতিৰিক্ত শ খন পৰিয়াল গৃহহীন হৈছে। বৰ্তমান দুয়ো জিলাত মুঠ ডেৰ শতাধিক লোক উদ্ধাৰৰ বাবে অপেক্ষাত আছে।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা দল আৰু স্থানীয় প্ৰশাসনে উদ্ধাৰ কাৰ্য্যত ব্ৰতী হৈছে। এতিয়ালৈকে বহু লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে। মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি ক্ষতিগ্ৰস্ত সকলক তৎক্ষণাৎ সাহায্যৰ নিৰ্দেশ দিছে। তেওঁ কয়, “জীৱন আৰু সম্পত্তিৰ ক্ষয়ক্ষতি অতি বেদনাদায়ক। এই দুৰ্যোগৰ পৰিস্থিতি সামৰিবলৈ সকলো প্ৰচেষ্টা চলোৱা হৈছে।”

কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে জিলা প্ৰশাসনক আৰু অধিক সতৰ্কতা অৱলম্বন কৰি ক্ষতিগ্ৰস্তসকলক আৰ্থিক সহায়, ঔষধ-পানীয়ৰ যোগান ধৰিবলৈ নিৰ্দেশ দিছে। তেওঁ উপায়ুক্ত বাচিৰউল হক চৌধুৰীৰ সৈতেৰে যোগাযোগ কৰি প্ৰয়োজনীয় সাহায্যৰ আশ্বাস দিছে।

বানপানীৰ ফলত বহু ৰাস্তা ডুব গৈ যাতায়াত ব্যৱস্থা অচল হৈ পৰিছে। পাহাৰৰ পৰা নামি অহা ডাঙৰ ডাঙৰ শিল, মাটি আৰু গছৰ ডালে ৰাজপথ অবৰুদ্ধ কৰি পেলাইছে। বহু ঠাইত উদ্ধাৰ কাৰ্য্যত বাধাৰ সৃষ্টি হৈছে। চৰকাৰী প্ৰতিবেদনমতে, বৰ্ষণৰ পৰিমাণ কমিলেও আকৌ বৰষুণৰ সম্ভাৱনা থাকিলে পুনৰ ভূমিস্খলনৰ আশংকা আছে। নাগৰিকসকলক বিপদসংকুল এলেকালৈ যাতায়াত পৰিহাৰ কৰিবলৈ সতৰ্কতা জাৰি কৰা হৈছে।

 

  • Related Posts

    পৱন হাজৰিকা কাণ্ড, অনা অসমীয়া লবীৰ বিৰুদ্ধে সৰৱ আছু — ন্যায় বিচাৰিছে হুংকাৰ 

    গুৱাহাটী মহানগৰীত পৱন হাজৰিকা নামৰ এজন খিলঞ্জীয়া যুৱকৰ আত্মহত্যাৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ পাছত সদৌ অসম ছাত্ৰ সন্থা (আছু)য়ে এই কাণ্ডক “অসমীয়াৰ ওপৰত অনা-অসমীয়া লবীৰ ষড়যন্ত্ৰ” বুলি…

    গোমাংসক লৈ সুৰ সলনি, হাচিলা বিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা আৰু ধুবুৰী জিলাৰ দৌৰা কৰি উচ্ছেদ অভিযানৰ পৰিস্থিতি পৰ্যালোচনা কৰে। পুৱা গোৱালপাৰাৰ হাচিলা বিলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰোনৰ সহায়ত এলেকা পৰিদৰ্শন কৰে আৰু…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ