জুতি লগা খাদ্য, গুৱাহাটীৰ হোটেল নভোটেলত দুৰ্গোৎসৱৰ বতৰত মহাভোজ

গুৱাহাটীঃ শাৰদীয় দুৰ্গোৎসৱত খাদ্য ৰসিকসকলৰ বাবে মহাভোজৰ আয়োজন কৰিছে গুৱাহাটীৰ নভোটেল হোটেলে৷ হোটেলখনৰ বাংলা থিম বুফে ডিনাৰৰ বাবে আমন্ত্ৰণ জনাই হোটেল কৰ্তৃপক্ষই কয় পূজাৰ বতৰত ৯-১২ অক্টোবৰলৈ সন্ধিয়া ৭ বজাৰ পৰা ১১ বজালৈ অতিথিসকলে ৰেস্তোঁৰা দ্য স্কোৱাৰত জুলি ল’ব পাৰিব বংগৰ পৰম্পৰাগত পদ্ধতিৰে প্ৰস্তুত কৰা এই বিশেষ খাদ্য সম্ভাৰ।
নভোটেলৰ প্ৰতিভাৱান বাংলা চেফ লালটু সাহাই প্ৰস্তুত কৰা মহাভোজত অতিথিসকলে আমেজ ল’ব পাৰিব পৰম্পৰাগত বাংলা সুস্বাদু খাদ্যৰ। বংগৰ প্ৰসিদ্ধ মাছেৰ ঝোলৰ পৰা আৰম্ভ কৰি সুগন্ধি বাসন্তী পোলাও আৰু গুড় পায়স, ৰসগোল্লাৰ দৰে মিঠাইৰ সোৱাদ ল’ব পাৰিব৷ প্ৰতিদিনে পৃথকে পৃথকে লুচিৰ সৈতে কোছা মাংস, বেকড মিষ্টি দৈ, চোলাৰ দাল, আলুৰ ডম আৰু লুচি, ভাপত দিয়া চিংৰা, মটন ডাক বাংলো, ছ’ৰচে দিয়ে মাছ, বেগুনি, পোলাও, ৰসগোল্লা, ৰাজভোগ, সন্দেশ, মালপোৱা, ৰসমলাই আৰু পায়সৰ দৰে খাদ্যসম্ভাৰ উপলদ্ধ কৰা হ’ব৷ প্ৰতিবিধ ব্যঞ্জনে খাদ্যপ্ৰেমী অতিথিসকলক বাংলাৰ সুস্বাদু খাদ্যসম্ভাৰৰ অনন্য সোৱাদ দিব বুলি উল্লেখ কৰিছে কৰ্তৃপক্ষই। উল্লেখ্য যে, এই মহাভোজৰ সময়ছোৱাত পৰম্পৰাগত সজ্জা আৰু পোনপটীয়া সাংস্কৃতিক পৰিবেশন পৰিৱেশ দুগুণ মধুৰ কৰি প্ৰতিজন অতিথিত অতুলনীয় অভিজ্ঞতা প্ৰদান কৰিব বুলি কয় কৰ্তৃপক্ষই। হোটেলৰ পৰিচালক মনমীত সিঙে বাংলা থিম বুফে ডিনাৰক লৈ উৎসাহী হৈ কয় যে দুৰ্গা পূজাৰ উৎসৱৰ বতৰত যোগাত্মক শক্তিৰে সমগ্ৰ চহৰখন মগন হৈ থাকিব৷ সেই সময়ত নভোটেলে উৎসৱমুখৰ পৰিবেশত এই ব্যৱস্থা কৰিছে৷ উৎসৱৰ উন্মাদনা, ঐক্য, মংগল, প্ৰেম আৰু পৰম্পৰাৰ ৰক্ষা কৰি খাদ্য সম্ভাৰৰ জুতি ল’বলৈ বিশেষ ৰন্ধনযাত্ৰা প্ৰস্তুত কৰিছো বুলিও কয় সিঙে৷ শাৰদীয় দুৰ্গা পূজাৰ বতৰত পৰম্পৰাগত খাদ্যৰ ল’বলৈ জি এছ ৰোডস্থিত নভোটেল আপুনিও আহিব পাৰে৷ কৰ্তৃপক্ষই কয় যে গুৱাহাটীৰ নভোটেলৰ বাংলা থিম বুফে ডিনাৰত আসন সংৰক্ষণৰ বাবে আগতীয়া বুকিং চলি আছে৷ অধিক তথ্য আগতীয়া বুকিংৰ বাবে ৭৫৭৭৮৮৪০২২ নম্বৰত যোগাযোগ কৰিব পাৰিব৷

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক