জুবিন গাৰ্গক উভতি ধৰিলে বিজেপিয়ে, ‘এয়া অসমৰ ৰাইজৰ মন্তব্য নহয়’

অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰাত সাহিত্য সভাকে ধৰি বিভিন্ন জাতীয় সংস্থাই ভাৰত চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে৷ তেনে সময়ত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক সম্পূৰ্ণ ৰূপে বিপৰীত দেখা গৈছিল৷ জুবিন গাৰ্গৰ মতে অসমীয়া ভাষাক স্বীকৃতিৰ দৰকাৰ নাই৷ ভাৰতত এটাই ধ্ৰুপদী ভাষা৷ সেইটো সংস্কৃত ভাষাহে৷ অসমীয়া ভাষাক স্বীকৃতি দিবলৈ কি আছে৷ লগতে ভাৰত চৰকাৰে আমাক কি দিছে বুলি প্ৰশ্ন কৰি গাৰ্গে কয় যে আমি তেল দি আছো, চাহ দি আছো৷ গঁড় দি আছো৷ জুবিন গাৰ্গ দি আছো৷ গুৱাহাটীৰ এক অনুষ্ঠানত অংশ লোৱাৰ সময়ত ইয়াক লৈ সাংবাদিকে গাৰ্গক প্ৰশ্ন কৰিছিল৷ প্ৰশ্ন শুনি খঙত অগ্নিশৰ্মা হৈ পৰে জুবিন৷ খঙৰ ভমকত টেবুলত ঢকিয়াই ঢকিয়াই প্ৰশ্নৰ উত্তৰ দি জুবিন গাৰ্গে স্পষ্টকৈ কয় যে ভাৰত চৰকাৰে আমাক কি স্বীকৃতি দিব৷ আমিহে ভাৰত চৰকাৰক সকলো দি আছো৷ আনহাতে, বিজেপিয়ে উভতি ধৰিছে জুবিনক৷ জুবিন গাৰ্গৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক ৰূপক শৰ্মাই। এয়া জুবিন গাৰ্গৰ সম্পূৰ্ণ ব্যক্তিগত মন্তব্য বুলি কৈ শৰ্মাই কয় যে অসমীয়া ভাষাক ধ্ৰুপদীৰ মৰ্যাদা প্ৰদানক লৈ জুবিন গাৰ্গৰ মন্তব্য অসমৰ ৰাইজৰ মন্তব্য নহয়। শনিবাৰে এখন সংবাদমেল অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক ৰূপক শৰ্মাই কয় যে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাত অসমীয়া ভাষাই কিদৰে প্ৰযুক্তিৰ সৈতে আগুৱাই যোৱাত সহায়ক হ’ব তাৰো বিশ্লেষণ কৰে৷ বিশেষকৈ অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ বহু সময়ত বিভিন্নজনে শংকা প্ৰকাশ কৰি আহিছে৷ এতিয়াৰ পৰা সেই শংকা নোহোৱা হ’ব।

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক