টকা লুটি শাস্তিৰ ভয়ত আছু এৰি বিজেপিত অবনী কুমাৰ গগৈ

গুৱাহাটীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি বিজেপিত যোগদান কৰা অবনী কুমাৰ গগৈয়ে আছুক গাড্ডাৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। সদৌ ডিব্ৰুগড় জিলা আছুৰ নামত থকা ফেচবুক পেজত পোষ্ট দি আছুৱে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। কেইবালক্ষ টকা লুণ্ঠন কৰাৰ অভিযোগ আনিছে সদৌ ডিব্ৰুগড় জিলা আছুৱে। গোচৰ তৰাৰ কথাও উল্লেখ কৰিছে পোষ্টটোত। ডিজিটেল লাইব্ৰেৰী আৰু কাৰ্যালয় নিৰ্মাণৰ নামত এই কেলেংকাৰী সংঘটিত কৰা বুলি কয় আছুৱে।

পোষ্টত সদৌ ডিব্ৰুগড় জিলা আছুৱে কয়
”বি.চি.পি.এলে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত মহোদয়ৰ যোগেদি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই স্থাপন কৰি থকা ডিজিটেল লাইব্ৰেৰীৰ বাবে ১০ লাখ টকাৰ পুঁজি আগবঢ়াইছিল। সেই পুঁজিৰ দায়িত্বত আছিল অবনী কুমাৰ গগৈ। উক্ত পুঁজিৰ কেলেংকাৰীৰ লগত জড়িত অবনী কুমাৰ গগৈ। কাইলৈ ইয়াৰ বিৰুদ্ধে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই এজাহাৰ দাখিল কৰিব। লগতে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ পুৰণি কাৰ্যালয়টো ভাঙি নতুনকৈ নিৰ্মাণ কৰিম বুলি অবনী কুমাৰ গগৈয়ে ইতিমধ্যে বহু ঠাইত কাৰ্যালয় নিৰ্মাণৰ নামত বহুপৰিমাণৰ ধন সংগ্ৰহ কৰিছে। এই দুয়োটা কেলেংকাৰীৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ তদন্তৰ ভয়ত তাৎক্ষণিকভাৱে আছু ত্যাগ কৰি বিজেপিত যোগদান কৰে।”

editor

Related Posts

জনতা ভৱনত ধৰা পৰা খকুৱা পাৰ্থৰ ঘৰত টকাৰ উজান, উদ্ধাৰ হ’ল ৪৭ লাখ

ডিজিটেল ডেস্কঃ  এইবাৰ অসম চৰকাৰৰ বৰঘৰতে হাত দাঙিলে এজন আবকাৰী বিষয়াই ৷ ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড জনতা ভৱনতে হাত দাঙিলে এজন আবকাৰী বিষয়াই । অভিযুক্ত ঘোচখোৰ আবকাৰী বিষয়াজন পাৰ্থ হাজৰিকা ৷…

বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়া: জয়ন্ত মল্ল

ডিজিটেল সংবাদঃ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়াৰ হেণ্ডেল বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অভিযোগ কৰিছে। সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ