স্মাৰ্ট মিটাৰ আৰু অভাৱনীয় বিদ্যুৎ মাচুলৰ বাবে ত্ৰাহি ত্ৰাহি কৰিছে ৰাজ্যবাসীয়ে। চৰকাৰৰ এই লুণ্ঠনৰাজৰ বিৰুদ্ধে ইতিমধ্যে সজোৰে উঠিছে প্ৰতিবাদৰ উজান।
আজি স্মাৰ্ট মিটাৰ বন্ধৰ দাবীৰে গোলাঘাটত এক যৌথ সংবাদ মেলৰ আয়োজন কৰে গোলাঘাট কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ টাই আহোম ছাত্ৰ সন্থা, বীৰ লাচিত সেনা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।
এই সংবাদ মেলত স্মাৰ্ট মিটাৰ নামেৰে অসমৰ বিজেপি চৰকাৰে সাধাৰণ জনতাৰ ওপৰত লুণ্ঠনৰাজ চলোৱাৰ অভিযোগ তোলে সংগঠন কেইটাৰ বিষয়-ববীয়াই।
চৰকাৰে এই ডকাইতিস্বৰূপ স্মাৰ্ট মিটাৰ শীঘ্ৰে বন্ধ কৰক বুলি দাবী জনাই অন্যথা তীব্ৰ প্ৰতিবাদৰো হুংকাৰ প্ৰদান কৰে সংগঠনসমূহে।
উল্লেখ্য যে, স্মাৰ্ট মিটাৰৰ পৰা অহা বিদ্যুৎ বিলক লৈ ইতিমধ্যে ৰাজ্যৰ সাধাৰণ জনতাৰ মাজত ক্ষোভৰ উদগীৰণ ঘটিছে। ২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ পৰিৱৰ্তে মাচুল বৃদ্ধিৰে ৰাজহ সংগ্ৰহ কৰাতহে উঠিপৰি লগাৰ অভিযোগ উত্থাপন হৈছে।
৩০০ টকাৰ বিদ্যুৎ ব্যৱহাৰ কৰি সাধাৰণ জনতাই এতিয়া ১০০০ টকা বিদ্যুৎ বিল পৰিশোধ কৰিবলগীয়া হৈছে বুলি মন্তব্য কৰি এই চৰকাৰখনক ডকাইতৰ চৰকাৰ বুলি অভিহিত কৰে বিধায়ক আশ্ৰাফুল হুছেইনেও।