

উচ্চ ন্যায়ালয়ৰ পৰাও সকাহ নাপালে চুৰি বৰা, পাতি লোৱা ভাতৃ বিশাল ফুকন৷ উচ্চ ন্যায়ালয়ত জামিনৰ বাবে আৱেদন কৰিছিল যদিও আদালতে জামিন নাকচ কৰিছে৷ ডিব্ৰুগড় জিলাৰ বৰবৰুৱা আৰক্ষী থানাত ৰুজু ৮৫/২৪ নম্বৰ গোচৰৰ বিৰুদ্ধে জামিন আৱেদন কৰিছিল যদিও চুমি বৰা আৰু বিশাল ফুকনৰ জামিন নাকচ কৰিছে উচ্চ ন্যায়ালয়ে৷ ইয়াৰ পূৰ্বে ডিব্ৰুগড় থানাত গোচৰত জামিন আৱেদন নাকচ হৈছিল চুমি বৰাৰ। গুৱাহাটীৰ চিবিআই আদালতে জামিন আৱেদন নাকচ কৰিছে৷ ডিব্ৰুগড় আৰক্ষী থানাত ৰুজু গোচৰতো জামিন নাকচ হৈছিল চুমি বৰাৰ। আদালতৰ পৰা সকাহ নোপোৱাত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰেই ঠিকনা হৈ থাকিব চুমি বৰা, বিশাল ফুকনৰ।অধিবক্তাই চুমি, তাৰ্কিক আৰু বিশালক মুকলি আকাশৰ তললৈ আনিবলৈ যৎপৰনাস্তি চেষ্টা চলাইছে যদিও সফল হ’ব পৰা নাই৷ এইবাৰ আন এটা গোচৰত চুমি, বিশালৰ জামিন নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ বহু বিতৰ্কিত নৃত্যশিল্পী চুমি বৰা, পাতি লোৱা ভাতৃ কুখ্যাত বিশাল ফুকনে ট্ৰেডিং কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উঠিছিল৷ বিশাল ফুকনে অবৈধ উপাৰ্জন পাতি লোৱা বায়েক চুমি বৰা তেওঁৰ স্বামী তাৰ্কিক বৰাৰ নামত খৰচ কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ পাছতে প্ৰথমে বিশাল ফুকন আৰু প্ৰায় ১০টা পলায়ন কৰি থকাৰ পিছতে চুমি বৰা আৰু স্বামী তাৰ্কিক বৰাক গ্ৰেপ্তাৰ কৰা হৈছিল৷ বৰ্তমানেও ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ চুমি বৰা স্বামী তাৰ্কিক বৰা আৰু পাতি লোৱা ভাতৃ বিশাল ফুকন। ইতিমধ্যে চুমি বৰাৰ দেওৰ তথা তাৰ্কিকৰ ভাতৃ অম্লান বৰা আৰু আন এজন ট্ৰেডিং কেলেংকাৰীৰ নায়ক ৰঞ্জিত কাকতিয়ে জামিন লাভ কৰিছে৷ চুমি বৰা, তাৰ্কিক বৰা, বিশাল ফুকন, অম্লান বৰা, ৰণজিৎ কাকতি, অভিজিৎ ছন্দ, শোভনজ্যোতি কুৰ্মী আৰু চন্দন নাথক ডিব্ৰুগড়ৰ পৰাৰ আনি ২৬ এপ্ৰিলত গুৱাহাটীৰ আদালতত হাজিৰ কৰোৱা হৈছিল৷ ডিব্ৰুগড় সদৰ আৰক্ষী থানাত ৰুজু ৩৫২/২৪, ৩৫৪/২৪ নম্বৰ গোচৰ আৰু বৰবৰুৱা আৰক্ষী থানাত ৰুজু ৮৫/২৪ গোচৰত তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰিছে ৰাজ্য চৰকাৰে।