ড্ৰাগছ সৰবৰাহৰ মুখ্যদ্বাৰ গুজৰাট, ৫ হাজাৰ কোটি টকাৰ কোকেইন জব্দ

এইবাৰ পূৰ্বৰ অভিলেখ ভংগ কৰি ৫ হাজাৰ কোটি টকাৰ ৫১৮ কিলোগ্ৰাম কোকেইন জব্দ হৈছে গুজৰাটত৷ দিল্লী আৰক্ষী আৰু গুজৰাট আৰক্ষীৰ যুটীয়া অভিযানত অংকলেশ্বৰত কোকেইন জব্দ হয়৷ অংকলেশ্বৰত অৱকাৰ ড্ৰাগছ লিমিটেড কোম্পানীত তালাচী চলোৱাৰ সময়ত কোকেইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ১০ অক্টোবৰত দিল্লী আৰক্ষীৰ বিশেষ চেলে পশ্চিম দিল্লীৰ ৰমেশ নগৰৰ এখন ভাড়াৰ দোকানৰ পৰা ২ হাজাৰ কোটি টকাৰ ২০০ কিলোগ্ৰাম কোকেইন জব্দ কৰিছিল। স্নেক্সৰ প্লাষ্টিকৰ পেকেটৰ ভিতৰত লুকুৱাই ৰাখিছিল৷ য’ত ‘টেষ্টি ট্ৰিট’ আৰু ‘চাটপাটা মিশ্ৰণ’ লিখা আছিল। কাৰ্টনত ৰখা প্ৰায় ২০-২৫টা পেকেট এখন সৰু ঠেক দোকানৰ পৰা উদ্ধাৰ কৰা হৈছিল। দক্ষিণ দিল্লীৰ মহিপালপুৰৰ এটা গুদামৰ পৰা বিশেষ চেলে ৫৬০ কিলোগ্ৰামতকৈ অধিক কোকেইন আৰু ৪০ কিলোগ্ৰাম হাইড্ৰ’পনিক মাৰিজুৱেনা জব্দ কৰাৰ এসপ্তাহৰ পাছতে আজি গুজৰাটত অভিযান চলে৷ অভিযানত বৃহৎ পৰিমাণৰ কোকেইন জব্দ কৰা হৈছে৷ গোচৰত ভাৰত কুমাৰ, হিমাংশু কুমাৰ আৰু ঔৰঙ্গজেব চিদ্দিকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। পৰৱৰ্তী সময়ত অমৃতসৰ আৰু চেন্নাইৰ পৰা আন দুজনক আটক কৰা হৈছে। পিছত আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ হাপুৰৰ পৰা এজনক গ্ৰেপ্তাৰ কৰে। দিল্লী আৰক্ষীয়ে উল্লেখ কৰা মতে, অভিযুক্ত তুষাৰ গোৱেলৰ কেইবাখনো ফটো ছচিয়েল মিডিয়া একাউণ্টত পোৱা গৈছে৷ য’ত তেওঁ বহু ৰাজনীতিকৰ সৈতে পোজ দিয়া দেখা গৈছে। এফালে মোদী চৰকাৰে ‘ড্ৰাগফ্ৰী ইণ্ডিয়া’ৰ বাবে এক শূণ্য সহনশীলতা নীতি গ্ৰহণ কৰাৰ কথা হয়৷ আনহাতে মোদীৰ নিজ গৃহ ৰাজ্যতে জব্দ কৰি থকা হৈছে হাজাৰ হাজাৰ কেজি ড্ৰাগছ৷

  • Brahmaputra Times

    Related Posts

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    ডিজিটেল ডেস্কঃ   কোন হ’ব শাসকীয় বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ? ইতিমধ্যে কাৰ্যকাল শেষ হৈছে জে পি নড্ডাৰ। নাড্ডাক ইতিমধ্যে নৰেন্দ্ৰ মোডীয়ে তেওঁৰ তৃতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হিচাপে দায়িত্ব দিছে।…

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    ডিজিটেল ডেস্কঃ  অশান্ত মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে মঙলবাৰে ৰাজধানী নতুন দিল্লীত গৃহ মন্ত্ৰালয়ৰ তত্বাবধানত মণিপুৰৰ মেইটেই, কুকি আৰু নগা সম্প্ৰদায়ৰ বিধায়কসকল একলগ হৈ এক বৈঠকত মিলিত হয়। ৰাজ্যখনৰ ভূমি আৰু…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক