
ড০ হিমন্ত বিশ্ব শৰ্মা এজন শক্তিশালী মুখ্যমন্ত্ৰী। অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ ৰাজহাঁড় মজবুত। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ তুলনাত হিমন্ত বিশ্ব শৰ্মা অধিক শক্তিশালী। মমতাৰ লগত ড০ হিমন্ত বিশ্ব শৰ্মাৰ কোনো তুলনা নহয়।-এই মন্তব্য বলিউড ছুপাৰষ্টাৰ মিঠুন চক্ৰৱৰ্তীৰ। আজি শিলচৰত উপস্থিত হৈ এই মন্তব্য কৰে বলিউডৰ ছুপাৰষ্টাৰ তথা জনপ্ৰিয় অভিনেতা মিঠুন চক্ৰৱৰ্তীয়ে। শিলচৰত ABVPৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে অভিনেতাগৰাকীয়ে। বিশিষ্ট অভিনেতাগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। অসম আৰু পশ্চিমবংগ এই দুই ৰাজ্যৰ শাসন ব্যৱস্থাত কি দেখিবলৈ পাইছে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিশিষ্ট অভিনেতাজনে কয় যে অসমৰ মুখ্যমন্ত্ৰী এগৰাকী শক্তিশালী মুখ্যমন্ত্ৰী, যাৰ ৰাজহাঁড় মজবুত। তেওঁ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সমালোচনা কৰি কয় যে তেওঁৰ লগত অসমৰ মুখ্যমন্ত্ৰীৰ কোনো তুলনা নহয়। মমতা বেনাৰ্জী ক্ষমতা লোভী হৈ পৰিছে। যাৰ ফলত পশ্চিমবংগ হিংসাত্মক ঘটনা বৃদ্ধি পাইছে। প্ৰবীণ অভিনেতাগৰাকীয়ে ভাৰতীয় সংস্কৃতি সন্দৰ্ভতো নিজৰ মন্তব্য প্ৰকাশ কৰি কয় যে আমাৰ সংস্কৃতি খুবেই শক্তিশালী। ভাৰতবৰ্ষৰ সংস্কৃতি খুবেই শক্তিশালী। আমাৰ ভেটিটোৱে হ’ল সংস্কৃতিৰ ওপৰত। ইয়াত অসমৰো যথেষ্ট অৱদান আছে বুলি তেওঁ মন্তব্য কৰে।