তিনি গগৈৰ সম্পৰ্ক পাৰ্মানেণ্ট কৰিবলৈ নিজৰ মাজত ল’ৰা-ছোৱালীক বিয়া-বাৰু দিয়কঃ মুখ্যমন্ত্ৰী

ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈৰ তিনি গগৈ এক হোৱাৰ মন্তব্যক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বভাৱসূলভা ভাৱেৰে কটাক্ষ কৰিছে৷ মুখ্যমন্ত্ৰীক আজি অখিল গগৈৰ মন্তব্য সন্দৰ্ভত প্ৰশ্ন কৰাত কয় যে ৩ গগৈ এক হ’লে যদি ছুনামি আহে, তেন্তে একেলগ হ’ব লাগে। কোনোবা এখন ঠাইত ভাত-পানী খাই একেলগ হোৱা উচিত। যদি এক হ’লে ছুনামি আহে তেন্তে হ’ব লাগে৷ নহয় কিয় তেওঁলোকে৷ সেইটো পেপেৰক কিয় ক’ব লাগে৷ তিনিজনে একে ঠাইত বহি ভাত-পানী খাই দিলেই এক হৈ গ’ল৷ পিছত তিনিজনে অএইটোও ঠিক কৰিব লাগে যে নিজৰ ল’ৰা-ছোৱালীক পৰিয়ালৰ মাজতে বিয়া-বাৰু দিলে তেতিয়া সম্পৰ্কটো ভাল হৈ যাব৷ একেবাৰে পাৰ্মানেণ্ট সম্পৰ্ক গঢ়ি তুলিব লাগে বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ এদিন পূৰ্বে অখিল গগৈয়ে শোণিতপুৰত এক যোগদান কাৰ্যসূচীত অংশ লৈ অখিল গগৈয়ে তিনি গগৈৰ প্ৰসংগ উত্থাপন কৰিছিল৷ অখিল গগৈয়ে কৈছিল যে যদি উজনি অসমত তিনি গগৈ একলগ হয় তেন্তে অসমৰ ৰাজনীতিত এটা মেজিক সৃষ্টি হৈ যাব। অসমৰ ৰাজনীতিত অকল ধুমুহা নহয় এটা যাদু তৈয়াৰ হৈ যাব৷ যিটো যাদুৱে বিজেপিক ধূলি কৰি লৈ যাব। তাৰ কাৰণে লাগিব আমাৰ বিৰোধী ঐক্যমঞ্চটো ঐক্যবদ্ধ হোৱা। কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ যেতিয়াই একলগ হ’ব তেতিয়াই লুৰীণজ্যোতি গগৈ, গৌৰৱ গগৈ আৰু অখিল গগৈ আমি একলগ হৈ যাম। তিনি গগৈ যেতিয়া লগ হৈ যাব অসমীয়া মানুহৰ আত্মবিশ্বাস আহি যাব।

  • Related Posts

    তিনি বছৰৰ মূৰকত ‘ইষ্টাৰ যুদ্ধবিৰতি’, ইউক্ৰেইনৰ বিৰুদ্ধে অস্থায়ী যুদ্ধবিৰতি ৰাছিয়াৰ

    ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা ৰক্তাক্ত যুদ্ধক তিনিবছৰৰ মূৰকত যুদ্ধ বিৰতি ঘোষণা কৰা হৈছে৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে একপক্ষীয়ে যুদ্ধবিৰতি ঘোষণা কৰিছে৷ ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ একপক্ষীয় ইষ্টাৰ যুদ্ধবিৰতি ঘোষণা…

    শিৱসাগৰত মিত্ৰতা নকৰাত কংগ্ৰেছক আক্ৰমণ অখিলৰ, গৌৰৱ গগৈ আৰু বিজেপিৰ লগত সম্পৰ্কৰ অভিযোগ

    ৰাইজৰ দলৰ নেতা আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ সৈতে মিত্ৰতা নকৰাৰ বাবে তীব্ৰ সমালোচনা কৰি আহিছে। গত ছয়মাহ ধৰি তেওঁ কংগ্ৰেছক মিত্ৰতাৰ প্ৰস্তাৱ দি অহা সত্ত্বেও…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…