ৰাজ্যৰ তিনি বিৰোধী নেতাৰ বিৰুদ্ধে গোচৰ শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোঁহাইৰ।
ৰাজ্যজুৰি মিঞা বিতৰ্ক অব্যাহত থকাৰ সময়তে শিৱসাগৰ ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰ ৰুজু কৰিছে বিজেপি নেতাজনে।
বিধায়ক অখিল গগৈ, বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে দিছে গোচৰ।
উল্লেখ্য যে, শেহতীয়াকৈ নাজিৰাত কেইজনমান মিঞাক আঁঠু কাঢ়িবলৈ দি জয় আই অসম ক’বলৈ দিয়া ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে চৰ্চালৈ আহিছিল বিজেপি নেতা ময়ূৰ বৰগোঁহাই।
নামনিৰ পৰা কাম কৰিবলৈ অনা মিঞাক তেওঁলোকৰ পাবলগীয়া ১৫ লাখ টকা নিদি মাৰপিট কৰি খেদি পঠিওৱাৰ অভিযোগ উত্থাপন হৈছিল বিজেপি নেতাজনৰ বিৰুদ্ধে।
ময়ূৰ বৰগোঁহাইৰ বিৰুদ্ধে এই অভিযোগক লৈ সৰৱ হৈ পৰিছিল অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰা।
আনহাতে বিজেপি নেতাজনৰ বিৰুদ্ধে বৰপেটাত দুখনো এজাহাৰো দাখিল কৰা হৈছিল।
এনে পৰিপ্ৰেক্ষিততে তেওঁৰ নাম ভুলকৈ সাঙুৰি বিৰোধীৰ তিনি নেতাই অপপ্ৰচাৰ চলোৱাৰ অভিযোগ তুলিছে ময়ূৰ বৰগোঁইয়ে।
তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ভিত্তিহীন বুলি এক সংবাদ মেলত দাবী কৰে বিজেপি নেতাজনে।