তেজপুৰ মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উদযাপন

তেজপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত এক মননশীল বক্তৃতা অনুষ্ঠান উদযাপন কৰা হয়৷ ময়ুৰী তাঁতীৰ বৰগীতৰে আৰম্ভ হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ, উপাধ্যক্ষা, অধ্যাপক-অধ্যাপিকা সমন্বিতে শিক্ষাৰ্থীসকল উপস্থিত থাকে৷ ড° ঈশানজ্যোতি গগৈয়ে আঁত ধৰা অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ হাজৰিকাই মাতৃভাষাৰ মহত্ত্বৰ বিষয়ে তেওঁৰ চমু ভাষণত ব্যক্ত কৰে৷ ড° হাজৰিকাই লগতে মাতৃভাষা অসমীয়াই ধ্ৰুপদী স্বীকৃতি লাভ কৰাৰ পিছত ইয়াৰ গুৰুত্ব যে অধিক বৃদ্ধি পালে সেয়া উল্লেখ কৰে৷ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ সমন্বয়ক ড° ৰাজলক্ষ্মী সোণোৱালে মুখ্য অতিথি ড° সুৰেশ কুমাৰ আৰ্যৰ চমু পৰিচয় ডাঙি ধৰে৷ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° সুৰেশ কুমাৰ আৰ্যই মুখ্য বক্তাৰূপে উপস্থিত থাকি সাম্প্ৰতিক সময়ত অসমীয়া ভাষাৰ গুৰুত্বৰ বিষয়ে সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে৷ ড° আৰ্যই তেওঁৰ সুদীৰ্ঘ ভাষণত বেদ উপনিষদৰপৰা আৰম্ভ কৰি মহাকাব্য ৰামায়ণ তথা ৰবীন্দ্ৰনাথ ঠাকুৰৰ কথা উল্লেখ কৰি এটা জাতিৰ উন্নতি আৰু প্ৰগতিত কেনেদৰে মাতৃভাষাই অৱদান আগবঢ়াই সেয়া ব্যক্ত কৰে৷ অসমীয়া বিভাগৰ শিক্ষাৰ্থী সকলৰ সমূহীয়া কণ্ঠত “চিৰ চেনেহী মোৰ ভাষা জননী’’গীতৰ সুৱদী সুৰে সভাগৃহ মুখৰিত কৰি কাৰ্যসূচীৰ অন্ত পেলোৱা হয়৷
অসমীয়া বিভাগৰ মুৰব্বী মিতালী শইকীয়াই উপস্থিত সকলোলৈকে কৃতজ্ঞতা জনোৱাৰ লগতে অনুষ্ঠানটি ৰূপায়ণ কৰাত সহায় সহযোগ আগবঢ়োৱা প্ৰতিজন ব্যক্তিলৈ শলাগৰ শৰাই আগব

  • Related Posts

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    গীৰ গাইক লৈ বিধায়ক দিগন্ত কলিতাৰ স্বীকাৰোক্তি- ‘গাই কিনি গৰু চোৰ নাম পালো’

    গীৰ গাই কেলেংকাৰীৰ জোঁৱালত নাম সোমাই যোৱা কমলপুৰৰ বিধায়ক তথা দাদা ব্ৰিগেডৰ সদ্য সদস্য দিগন্ত কলিতাই আজি সংবাদ মাধ্যমৰ সন্মুখত ৰঙিয়া ৰে’ল ষ্টেচনৰ পৰা গাই নিয়াৰ কথা স্বীকাৰ কৰি পশ্চাতাপ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে